October 30, 2025 1:04 PM

views 49

আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অনুষ্ঠান উপস্থাপক চৈয়দ ছাদুল্লাৰ দেহাৱসান

জনপ্রিয় সংগীতজ্ঞ, গীতিকাৰ, সুৰকাৰ, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অনুষ্ঠান উপস্থাপক চৈয়দ ছাদুল্লাৰ আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৭ বছৰ। তেওঁ কিছুদিন ধৰি শাৰীৰিকভাবে অসুস্থ হৈ আছিল। আকাশবাণী ডিব্ৰুগড়ত বাদ্যযন্ত্রী হিচাপে যোগদান কৰা চৈয়দ ছাদুল্লা কুইভাৰ্ছ নামৰ ৭০ দশকৰ সংগীত গোষ্ঠীৰ অন্যতম শিল্পী আছিল। ৮০ দশকত প্ৰচাৰিত আকাশবাণী ডিব্ৰুগড়ৰ ভিন্নৰঙী অনুষ্ঠান বর্ণালী মুনীন ভূঞাৰ সৈতে উপস্থাপন কৰি তেওঁ জনপ্রিয় হৈ পৰিছিল। পৰৱৰ্তী সময়ত শিল্পীগৰাকীয়ে গীত ৰচনা, সং...