November 20, 2025 7:24 PM

views 38

বিশ্ব শৰীৰ চৰ্চা প্ৰতিযোগিতাত সোণৰ পদক জয় কৰি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই অনা ছায়া বৰুৱাক সম্বৰ্দ্ধনা

ইণ্ডোনেছিয়াত যোৱা ১১ নৱেম্বৰৰ পৰা ১৬ নৱেম্বৰলৈ অনুষ্ঠিত বিশ্ব শৰীৰ চৰ্চা প্ৰতিযোগিতাত সোনৰ পদক জয় কৰি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই অনা ছায়া বৰুৱাক আজি তেজপুৰৰ অসমীয়া ক্লাবত বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে ছায়া বৰুৱা এই প্রতিযোগিতাত পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে বিবেচিত হৈছে। এই প্ৰতিযোগিতাত বিশ্বৰ ৪৬খন দেশৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল।