June 25, 2025 9:03 PM

views 45

ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰামধেনু যুগৰ মননশীল গল্পকাৰ সৌৰভ কুমাৰ চলিহাৰ ত্ৰয়োদশ মৃত্যুবাৰ্ষিকী পালন

ৰাজ্যৰ ভিন্ন প্ৰান্তত আজি ৰামধেনু যুগৰ মননশীল গল্পকাৰ সৌৰভ কুমাৰ চলিহাৰ ত্ৰয়োদশ মৃত্যু বাৰ্ষিকী পালন কৰা হৈছে। এহাত দবা, গোলাম, অশান্ত ইলেক্‌ট্রন আদি গল্পৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ যোৱা সৌৰভ কুমাৰ চলিহাৰ ২০১১ চনৰ আজিৰ দিনটোত দেহাৱসান ঘটিছিল। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে স্মৃতি দিৱস উপলক্ষে সাহিত্যিকগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। ড° পেগুৱে সামাজিক মাধ্যমযোগে আধুনিকতাবাদী লেখক চলিহাৰ অৱদান সমাজ জীৱনত সদায় স্মৰণীয় হৈ ৰ'ব বুলি প্ৰকাশ ক...