December 13, 2025 9:22 PM
9
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানত চাকৰি দিয়াৰ প্রলোভনেৰে ধন সংগ্ৰহ কৰাৰ অভিযোগত সত্যম তালুকদাৰ নামৰ যুৱকক গ্ৰেপ্তাৰ
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানত চাকৰি দিয়াৰ প্রলোভনেৰে ধন সংগ্ৰহ কৰাৰ অভিযোগত আৰক্ষীৰ অপৰাধ শাখাই সত্যম তালুকদাৰ নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। চাইবাৰ থানাত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত আৰক্ষীয়ে গুৱাহাটী মহানগৰীৰ কাহিলিপাৰৰ পৰা অভিযুক্ত তালুকদাৰক গ্ৰেপ্তাৰ কৰে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ লেবৰেটৰী টেকনিচিয়ান পদত চাকৰি দিয়াৰ নামত সত্যম তালুকদাৰে বিভিন্ন লোকৰ পৰা ধন সংগ্ৰহ কৰিছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।