June 12, 2025 11:08 AM June 12, 2025 11:08 AM

views 10

সত্ৰসমূহৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে এখন স্থায়ী আয়োগ গঠনৰ বাবে ৰাজ্য চৰকাৰৰ পৰিকল্পনা

● ৰাজ্যৰ সত্ৰসমূহৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে ন্যায়ালয়ৰ সমান ক্ষমতাসম্পন্ন এখন স্থায়ী আয়োগ গঠনৰ বাবে চৰকাৰে পৰিকল্পনা কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি দৰং জিলাৰ ঐতিহাসিক খটৰা সত্ৰ পৰিদৰ্শন কৰি এই কথা উল্লেখ কৰে। তেওঁ কয়, যে অহা অক্টোবৰত হ'বলগীয়া বিধানসভাৰ অধিৱেশনত ইয়াৰ অনুমোদন লোৱা হ'ব। পৰিদর্শনকালত মুখ্যমন্ত্ৰী ড০ শৰ্মাই সত্ৰৰ পুৰণি নামঘৰ আৰু মণিকূট নতুনকৈ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে সত্ৰৰ ভূমি দখলমুক্ত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ সংকল্পবদ্ধ বুলি সংবাদমা...