September 4, 2024 12:11 PM

views 26

প্ৰতি বছৰে ২০ আগষ্টত চতিয়া দিৱস পালন কৰা হ’ব বুলি মুখ্যমন্ত্রীৰ ঘোষণা

ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত এতিয়াৰে পৰা চৰকাৰীভাৱে প্ৰতি বছৰে ২০ আগষ্টত চতিয়া দিৱস পালন কৰা হ'ব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। তদুপৰি চতিয়া থানাক ঐতিহ্যক্ষেত্ৰ আৰু পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে ৫ কোটি টকা আগবঢ়োৱাৰ কথাও তেওঁ সদৰী কৰিছে। চাৰিদিনীয়া ভ্ৰমণসূচীৰে ৫ খন জিলালৈ যোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে কালি প্ৰথম কাৰ্যসূচী হিচাপে ভাৰত ত্যাগ আন্দোলনৰ অনন্য স্মৃতি বহন কৰা ঐতিহাসিক চতিয়া থানা পৰিদৰ্শন কৰি এই কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ২০ আগষ্...