October 28, 2025 7:03 PM October 28, 2025 7:03 PM

views 14

দুদিনীয়া কাৰ্যসূচীৰে ৰাজ্যত পালন কৰা ষট্ পূজাৰ সামৰণি

দুদিনীয়া কাৰ্যসূচীৰে ৰাজ্যত পালন কৰা ষট্ পূজাৰ আজি সামৰণি পৰে। পূজা উপলক্ষে কালি ৰাজ্যখনত বাস কৰা হিন্দীভাষী উত্তৰ-ভাৰতীয় লোকসকলে বিভিন্ন প্রান্তৰ নৈৰ পাৰ, ঘাটসমূহত নৈবদ্য আগবঢ়াই আৰাধনা কৰে। কালি নিশাটো বিভিন্ন সাংস্কৃতিক আৰু আধ্যাত্মিক কাৰ্যসূচীৰ মাজেৰে নৈৰ ঘাটতে থাকি ভক্তসকলে আজি পুৱা উদিত সূৰ্য্যক প্রণাম কৰি পূজা-অর্চনা আগবঢ়ায়। অসমৰ বিভিন্ন জিলাত এই পূজা অনুষ্ঠিত হয়। গোৱালপাৰা জিলাৰ ব্ৰহ্মপুত্ৰৰ কছাৰীঘাটত কালি বিয়লিৰ পৰা অগণন লোকে ফল-মূল, পিঠাপনা আদি আগবঢ়াই অস্তমিত সূৰ্য্য দেৱতাক আৰাধনা কৰি ...