May 31, 2025 7:41 PM
21
কলম্বিয়াত উপস্থিত কংগ্ৰেছ সাংসদ শশী থাৰুৰ নেতৃত্বধীন সর্বদলীয় প্রতিনিধি দল
সন্ত্ৰাসবাদক উৎখাত কৰাৰ আহ্বানেৰে ভাৰতৰ সংসদীয় প্রতিনিধি দলৰ বিদেশ ভ্ৰমণৰ জৰিয়তে আৰম্ভ হোৱা উচ্চ পৰ্যায়ৰ আলাপ-আলোচনা অব্যাহত আছে। ভিন ভিন দলৰ সাংসদসকলক লৈ গঠন কৰা এনে ৭টা প্ৰতিনিধি দলে সম্প্ৰতি বিভিন্ন দেশৰ নেতৃবৰ্গৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰি ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী স্থিতিৰ বিষয়ে তেওঁলোকক অৱগত কৰাইছে। সম্প্ৰতি কলম্বিয়া ভ্ৰমণৰত কংগ্ৰেছ সাংসদ শশী থাৰুৰ নেতৃত্বধীন সর্বদলীয় প্রতিনিধি দলটোৱে আজি দেশখনৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ উপমন্ত্ৰী ৰোজা য়'লাণ্ডা ভিল্লাভিছেনছিয়'ক সাক্ষাৎ কৰে। মন্ত্ৰীগৰাকী...