October 15, 2025 7:02 PM

views 50

সৰ্থেবাৰীত কাঁহ-পিতল শিল্পৰ জি আই টেগ সন্দৰ্ভত সজাগতামূলক সভা

নাবাৰ্ড আৰু বৰপেটা জিলা উদ্যোগ তথা বাণিজ্য কেন্দ্ৰৰ উদ্যোগত আজি সৰ্থেবাৰীত কাঁহ-পিতল শিল্পৰ ভৌগোলিক সূচক অর্থাৎ জি আই টেগ সন্দৰ্ভত এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। এই সভাত অঞ্চলটোৰ কাঁহ শিল্পীসকলৰ লগতে বহু বিক্ৰী প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰে। নাবাৰ্ডৰ প্ৰতিনিধিসকলে জি আই টেগৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে কাঁহ শিল্পী আৰু ব্যৱসায়ীসকলক ইয়াৰ ব্যৱহাৰৰ বাবে আহ্বান জনায়। নাবাৰ্ডৰ বিষয়াসকলে কাঁহ পিতলৰ দৰে পৰম্পৰাগত শিল্প কর্মসমূহৰ সুৰক্ষিতকৰণ আৰু প্ৰমান্যতা নিশ্চিতকৰণৰ লগতে বজাৰত থলুৱা সামগ্ৰীৰ চাহিদা বৃদ...