November 20, 2025 12:37 PM

views 19

চৰ্দাৰ বল্লভ ভাই পেটেলৰ ডেৰশ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি বজালীত একতাৰ পদযাত্ৰা

লৌহ পুৰুষ হিচাপে খ্যাত স্বাধীনতা সংগ্ৰামী চৰ্দাৰ বল্লভ ভাই পেটেলৰ ডেৰশ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি আজি বজালী জিলাৰ নিত্যানন্দত একতাৰ পদযাত্ৰা উলিওৱা হয়। পদযাত্ৰাৰ আৰম্ভণিতে স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰতিচ্ছবিৰ সন্মুখত বস্তি প্রজ্বলন কৰে। নিত্যানন্দ নিউ ফিল্ডৰ পৰা আৰম্ভ কৰা এই পদযাত্ৰাৰ বিদ্যাভৱন নিত্যানন্দ হাইস্কুল খেল-পথাৰত সামৰণি পৰে। পদযাত্রাত মন্ত্রী ৰঞ্জিত কুমাৰ দাস, জিলা আয়ুক্ত মৃদুল কুমাৰ দাস, সহকাৰী আয়ুক্ত আছফাক লস্কৰৰ লগতে ভালেসংখ্...