March 23, 2025 12:26 PM

views 11

তিনিদিনীয়া ভ্রমণসূচীৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ছিংগাপুৰলৈ ৰাওনা

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ছিংগাপুৰ চৰকাৰৰ আমন্ত্রণমর্মে তিনিদিনীয়া ভ্রমণসূচীৰে ছিংগাপুৰলৈ ৰাওনা হৈছে। মন্ত্ৰীগৰাকীয়ে সামুদ্রিক ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা বৃদ্ধি, বন্দৰ উন্নয়ন, জাহাজ মেৰামতি খণ্ডৰ ৰূপান্তৰ তথা জলপথ আৰু সামুদ্রিক খণ্ডৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূর্ণ বিষয়ত আলোচনাত মিলিত হ'ব। এই আলোচনাই ভাৰত আৰু ছিংগাপুৰৰ মাজৰ সামুদ্রিক তথা বাণিজ্যিক সম্পর্কক নতুন গতি দিব বুলি আশা কৰা হৈছে। এই ভ্ৰমণৰ সময়ছোৱাত মন্ত্ৰীগৰাকীয়ে ছিংগাপুৰৰ প্ৰবাসী অসমীয়া স...