November 24, 2025 9:50 AM
18
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নামৰূপৰ ব্ৰহ্মপুত্ৰ ভেলী ফার্টিলাইজাৰ কৰ্পৰেচন লিমিটেড পৰিদৰ্শন কৰি কোম্পানীটোৰ বিভিন্ন কামকাজৰ পর্যালোচনা
কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি নামৰূপৰ ব্ৰহ্মপুত্ৰ ভেলী ফার্টিলাইজাৰ কৰ্পৰেচন লিমিটেড চমুকৈ বি ভি এফ চি এল পৰিদৰ্শন কৰি কোম্পানীটোৰ বিভিন্ন কামকাজৰ পর্যালোচনা কৰে। তেওঁ লগতে নামৰূপ সাৰ কাৰখানাৰ চৌহদতে নিৰ্মাণ হ'বলগীয়া অসম ভেলী ফার্টিলাইজাব এণ্ড কেমিকেলছ কোম্পানী লিমিটেড চমুকৈ এ ভি এফ চি চি এল প্ৰকল্পৰ কামকাজৰ অগ্ৰগতিৰ খতিয়ান লয়। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লগতে পূব ভাৰতত সাৰৰ যোগান শৃংখলা প্ৰসাৰিত কৰা আৰু কৃষকসকলক উপকৃত কৰাৰ লক্ষ্যৰে ১০ হাজাৰ কোটি টকাৰো ...