August 30, 2025 8:26 PM

views 14

গুৱাহাটী এইমছত সৰ্বভাৰতীয় ৰেডিঅ’লজী অভিৱৰ্তনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি এইম্‌ছ গুৱাহাটীত সৰ্বভাৰতীয় ৰেডিঅ'লজী অভিৱৰ্তনত অংশগ্রহণ কৰে। ভাষণ প্ৰসংগত তেওঁ এইম্‌ছক সৰ্বাত্মক স্বাস্থ্য সেৱাৰ গুৰি ধৰিবলৈ আহ্বান জনায়। এইম্‌ছ গুৱাহাটীয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনগণক নিৰন্তৰ সেৱা আগবঢ়াই আহিছে বুলি তেওঁ কয়। যুৱক-যুৱতীসকলে আধুনিক চিকিৎসা শিক্ষাৰে উজ্জীৱিত হোৱাৰ লগতে অঞ্চলটোত দেশৰ উন্নয়নৰ অন্যতম কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হৈছে বুলি তেওঁ কয়। উল্লেখযোগ্য যে দেশৰ সকলো এইম্‌ছত একেধৰণৰ চিকিৎসা সেৱা নিশ্চিত কৰাৰ লক্ষ্যৰে এই অভিৱৰ্ত...