January 5, 2026 12:52 PM

views 20

ডিব্ৰুগড় জিলাত অনুষ্ঠিত মৃদংগিয়া গায়ন-বায়ন সংস্থাৰ দ্বিতীয় দ্বিবার্ষিক ৰাজ্যিক অধিৱেশনত সাংসদ সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

ডিব্ৰুগড় জিলাৰ টিংখাঙৰ টিপমীয়া ধোৱাপথাৰ বৰনামঘৰ প্ৰাংগণত ৩ জানুৱাৰীৰ পৰা অনুষ্ঠিত মৃদংগিয়া গায়ন-বায়ন সংস্থাৰ দ্বিতীয় দ্বিবার্ষিক ৰাজ্যিক অধিবেশনত কালি মুকলি সভাত কেন্দ্রীয় মন্ত্রী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে। শ্ৰীসোণোৱালে মৃদংগ বায়নৰ জৰিয়তে অসমৰ সংস্কৃতিৰ বৰপথাৰখন চহকী কৰা তথা নতুন প্ৰজন্মক জাতীয় সংস্কৃতি চৰ্চা আৰু প্ৰসাৰৰ ক্ষেত্ৰত দায়বদ্ধ কৰি তোলাৰ বাবে অনুপ্ৰাণিত কৰি অহা মৃদংগিয়া গায়ন-বায়ন সংস্থাৰ শলাগ লয়। তেওঁ কয়, যে অসমৰ সাংস্কৃতিক জীৱনৰ ...

December 13, 2025 12:32 PM

views 25

আনজাওৰ দুৰ্ঘটনাত আঘাতপ্রাপ্ত শ্রমিক বুদ্ধেশ্বৰ দীপ চিকিৎসাধীন

অৰুণাচল প্ৰদেশৰ আনজাও জিলাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত আঘাতপ্রাপ্ত শ্রমিক বুদ্ধেশ্বৰ দীপ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। এই ভয়ংকৰ দুৰ্ঘটনাটোৰ পৰা জীৱিত অৱস্থাত উদ্ধাৰ হোৱা বুদ্ধেশ্বৰ হৈছে একমাত্র শ্রমিক। দুৰ্ঘটনাস্থলীৰ পৰা এতিয়ালৈকে ৬ জন শ্রমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি নিশা হাস্পতালত শ্রমিকগৰাকীৰ স্বাস্থ্যৰ বুজ লয়। শ্ৰী সোণোৱালে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ক্ষতিগ্ৰস্ত পৰিয়াললৈ ৭ লাখ টকাকৈ...

November 21, 2025 11:15 AM

views 33

উত্তৰ-পূব তেল আৰু গেছ সন্মিলন ২০২৫ত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

উত্তৰ-পূৰ্বাঞ্চল সমগ্র দক্ষিণ-পূব এছিয়াৰ ভিতৰতে বিনিয়োগৰ কাৰণে আটাইতকৈ আকর্ষণীয় অঞ্চল হিচাপে পৰিগণিত হ'বলৈ গৈ আছে বুলি কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। ভাৰতীয় উদ্যোগ পৰিসংঘৰ উদ্যোগত গুৱাহাটীত আয়োজিত উত্তৰ-পূব তেল আৰু গেছ সম্মিলন ২০২৫ত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কালি কয়, যে এন ই মানে এতিয়া নর্থ-ইষ্ট নহয়, এন ই মানে হ'ল দেশৰ নিউ ইঞ্জীন অর্থাৎ দেশৰ নতুন চালিকা শক্তি। তেওঁ কয়, যে উত্তৰ-পূৰ্বাঞ্চল সম্প্রতি ঐতিহাসিক ৰূপান্তৰৰ সাক্ষী হৈছে আৰু উন্...

November 8, 2025 8:32 PM

views 38

লৌহপুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে ডিব্ৰুগড়ত বিভিন্ন কাৰ্যসূচী গ্ৰহণ

লৌহপুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে ডিব্ৰুগড়ত আজি জিলাভিত্তিত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। জয়ন্তীৰ সৈতে সংগতি ৰাখি এটা পদযাত্ৰা কাৰ্যসূচী উলিওৱা হয়। কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে দেশক স্বাধীন কৰাৰ ক্ষেত্ৰত যিসকলে বলিষ্ঠ পদক্ষেপ লৈছিল আৰু ভাৰতবাসীৰ মনত একতা আৰু অখণ্ডতাৰ অনুভৱ জগাই তুলিছিল সেইসকলৰ ভিতৰত চৰ্দাৰ বল্লভভাই পেটেল অন্যতম। বাক্সা জিলা প্ৰশাসনৰ উদ্যোগত ৰান ফৰ ইউনিটি তথা ইউনিটি মার্চ- এক ভ...

October 10, 2025 7:30 PM

views 34

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰা অঞ্চল পৰিদৰ্শন সৰ্বানন্দ সোণোৱালৰ

ৰাজ্যৰ দ্বিতীয়খন ৰাজধানী ডিব্ৰুগড় মহানগৰৰ ফুলবাগানৰ সমীপত জোগাৰ্ছ পাৰ্ক আৰু কছাৰী ঘাট শেহতীয়াকৈ ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়াৰ কবলত পৰিছে। ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই কালি খহনীয়াগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি প্ৰতিৰোধৰ ব্যৱস্থাৰ বাবে বিভাগক নিৰ্দেশনা দিয়াৰ এদিন পাছতে আজি কেন্দ্ৰীয় চৰকাৰৰ বন্দৰ আৰু জাহাজ পৰিবহন বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ক্ষেত্ৰ পৰিদৰ্শন কৰি খহনীয়া ৰোধৰ বাবে তৎকালীনভাৱে ফলপ্রসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে খহনীয়...

September 3, 2025 1:10 PM

views 34

২০২৭ চনৰ ভিতৰত ব্ৰহ্মপুত্ৰত দুখন প্ৰমোদৰী চলাচল কৰোৱা হ’ব : কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱাল

২০২৭ চনৰ ভিতৰত ব্ৰহ্মপুত্ৰত দুখন প্ৰমোদৰী চলাচল কৰোৱা হ'ব। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে অহা ২৭ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ মুম্বাইত হ'বলগীয়া ভাৰতীয় সামুদ্রিক সপ্তাহ, ২০২৫-ৰ সৈতে সংগতি ৰাখি কালি গুৱাহাটীত আয়োজিত এটা ৰোড শ্ব’ত অংশগ্ৰহণ কৰাৰ পাছত এই কথা প্ৰকাশ কৰে। ২৫০ কোটি টকা ব্যয়সাপেক্ষে কোলকাতাত জাহাজ দুখন নিৰ্মাণ কৰি থকা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। ইয়াৰ লগতে বৰাক আৰু ব্ৰহ্মপুত্ৰৰত প্ৰায় ১০০ খন মালবাহী জাহাজ চলাচল কৰোৱা হ'ব। মন্ত্ৰীগৰাকীয়ে কয় যে জাৰ...

September 2, 2025 8:24 PM

views 43

অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ আভ্যন্তৰীণ জল পৰিবহন আন্তঃগাথনিত ১ হাজাৰ কোটিৰো অধিক ধন বিনিয়োগ কৰা হৈছে বুলি সৰ্বানন্দ সোণোৱালৰ প্ৰকাশ

অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ আভ্যন্তৰীণ জল পৰিবহন আন্তঃগাথনিত বিগত দুবছৰত এহেজাৰ কোটিৰো অধিক ধন বিনিয়োগ কৰা হৈছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অহা ২৭ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ মুম্বাইত হ'বলগীয়া ভাৰতীয় সামুদ্রিক সপ্তাহ, ২০২৫-ৰ সৈতে সংগতি ৰাখি আজি গুৱাহাটীত আয়োজিত এটা ৰোড শ্ব’ত অংশগ্ৰহণ কৰাৰ পাছত এই কথা প্ৰকাশ কৰে। তেওঁ সকলো অংশীদাৰকে ভাৰতীয় সামুদ্রিক সপ্তাহৰ কাৰ্যসূচীলৈ আদৰণি জনোৱাৰ লগতে দেশৰ সৰ্ববৃহৎ সামুদ্রিক কাৰ্যসূচীৰ অংশ হবলৈ আহ্বান জনায়। এই কাৰ্যসূ...

August 7, 2025 8:49 PM

views 31

ৰাজ্য সভাৰ অনুমোদনৰ পিছতে আজি সংসদত উপকূলীয় জাহাজ বিধেয়ক- ২০২৫ গৃহীত

ৰাজ্য সভাৰ অনুমোদনৰ পিছতে আজি সংসদত উপকূলীয় জাহাজ বিধেয়ক- ২০২৫ গৃহীত হয়। বিধেয়কখন ইয়াৰ পূর্বে লোকসভাত অনুমোদিত হৈছিল। এই বিধেয়কখনৰ জৰিয়তে দেশৰ জলসীমাৰ ভিতৰত বাণিজ্যৰ সৈতে জড়িত জাহাজসমূহক সামৰি লোৱা হ'ব। উপকূলীয় জাহাজ পৰিবহন নিয়ন্ত্ৰণৰ সৈতে জড়িত আইনসমূহ একত্ৰিত আৰু সংশোধন, উপকূলীয় বাণিজ্য আৰু ঘৰুৱা অংশীদাৰীত্বক উৎসাহিত কৰাটো এই আইনখনৰ মূল লক্ষ্য। এই বিধেয়কখনে ৰাষ্ট্ৰীয় সুৰক্ষা আৰু ব্যৱসায়িক প্ৰয়াজনীয়তাৰ বাবে দেশৰ নাগৰিকৰ মালিকনাধীন আৰু পৰিচালনাৰ দিশটো নিশ্চিত কৰিব। বিধেয়কখন সন্দ...

August 2, 2025 1:50 PM

views 20

ডিব্ৰুগড়ত অত্যাধুনিক আঞ্চলিক উৎকর্ষতা কেন্দ্ৰ স্থাপন কৰা হ’ব : সৰ্বানন্দ সোণোৱাল

উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশৰ জৰিয়তে সৱলীকৰণৰ বৃহৎ পদক্ষেপ হিচাপে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে ডিব্ৰুগড়ত এটা অত্যাধুনিক আঞ্চলিক উৎকর্ষতা কেন্দ্ৰ স্থাপন কৰিব। আত্মনিৰ্ভৰ ভাৰত অভিযান আৰু কেন্দ্ৰীয় চৰকাৰৰ সামুদ্রিক অমৃতকাল দৃষ্টিভংগী- ২০৪৭ৰ সৈতে সংগতি ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। লোকসভাৰ বৰ্ষাকালীন অধিৱেশনত এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কথা প্ৰকাশ কৰে। শ্ৰী সোণোৱালে কয়, যে ডিব্ৰুগড়ত স্থাপন হ'ব...

July 24, 2025 8:59 PM

views 37

সম্প্ৰসাদৰণ, যান্ত্ৰিকীকিকৰণ, ডিজিটেলাইজেছন আৰু ব্যৱসায়িক সুচলতাৰ ফলত গোলকীয় বাণিজ্যৰ কেন্দ্ৰ হিচাপে দেশৰ বন্দৰসমূহৰ উত্থান ঘটিছেঃ প্ৰধানমন্ত্ৰী মোদী

সম্প্ৰসাদৰণ, যান্ত্ৰিকীকিকৰণ, ডিজিটেলাইজেছন আৰু ব্যৱসায়িক সুচলতাৰ ফলত গোলকীয় বাণিজ্যৰ কেন্দ্ৰ হিচাপে দেশৰ বন্দৰসমূহৰ উত্থান ঘটিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এখন দৈনিক বাতৰি কাকতৰ বাবে লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে মন্তব্য কৰে। প্ৰবন্ধটোত শ্ৰী সোণোৱালে বিশ্বৰ আগশাৰীৰ জাহাজ নির্মাণ কোম্পানীসমূহে কিদৰে ভাৰতীয় কোম্পানীসমূহৰ সৈতে অংশীদাৰিত্বৰে আগবাঢ়িছে আৰু কৰ্মসংস্থাপনৰ পথ প্ৰশস্ত ক...