June 10, 2024 11:45 AM June 10, 2024 11:45 AM

views 15

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্রীসভাত ডিব্ৰুগড়ৰ সাংসদ সৰ্বানন্দ সোণোৱাল, ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ শপতগ্ৰহণ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্রীসভাত কালি তৃতীয়বাৰৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। আনহাতে ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটাই কালি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীৰ শপত লয়। ৰাষ্ট্ৰপতি ভৱনত আয়োজিত শপতগ্রহণ অনুষ্ঠানত দুয়োগৰাকী মন্ত্ৰীয়ে শপতগ্ৰহণ কৰি দেশৰ হকে সেৱা আগবঢ়াই যোৱাৰ সংকল্প লয়। কেবিনেট মন্ত্ৰী হিচাপে শপত লৈ শ্ৰী সোণোৱালে অসমবাসীৰ আশীৰ্ব...