June 15, 2024 9:19 PM

views 17

গুৱাহাটীৰ বিজেপিৰ কাৰ্যালয়ত দলীয় কৰ্মকৰ্তাৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মতবিনিময়

কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত আজি সর্বানন্দ সোণোৱালে গুৱাহাটী মহানগৰীৰ বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈ দলীয় কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰে। পুনৰ এবাৰ অসম তথা দেশৰ উন্নয়নৰ হকে কাম কৰাৰ সুযোগ প্ৰদান কৰাৰ বাবে তেওঁ ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰে। অসমৰ দুগৰাকী প্ৰতিনিধিক মন্ত্রীসভাত সুযোগ দিয়াৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনায়। অনাগত পঞ্চায়ত আৰু উপনির্বাচনত বিজেপিয়ে ভাল ফল দেখুৱাবলৈ সমৰ্থ হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে ।