December 21, 2024 12:34 PM

views 19

উত্তৰ পূৰ্বাঞ্চলত সাগৰমালা আঁচনিৰ অধীনত ৭৬৩ কোটি টকা ব্যয় সাপেক্ষ ছটা প্ৰকল্প ৰূপায়ণ কৰা হ’ব : সৰ্বানন্দ সোণোৱাল

উত্তৰ-পূৰ্বাঞ্চলত ৰাষ্ট্ৰীয় জলপথৰ আন্তঃগাঁথনি আৰু আভ্যান্তৰীণ জল পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ উদ্দেশ্যে সাগৰমালা আঁচনিৰ অধীনত ৭৬৩ কোটি টকা ব্যয় সাপেক্ষ ছটা প্ৰকল্প ৰূপায়ণ কৰা হ'ব। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি এই কথা ঘোষণা কৰে। লোকসভাত এই প্রকল্পসমূহৰ সবিশেষ দাঙি ধৰি শ্ৰী সোণোৱালে কয়, যে ব্ৰহ্মপুত্ৰত দ্বিতীয় ৰাষ্ট্ৰীয় জলপথৰ উন্নয়নৰ বাবে ৪৬১ কোটি টকা, দ্বিতীয় ৰাষ্ট্ৰীয় জলপথৰ মাজেৰে পাণ্ডুত মাল্টি মডেল টার্মিনেলৰ বাবে ১০৩ কোটি টকাৰ আৱণ্টন দিয়া হৈছে। সেইদৰে...