November 30, 2024 12:53 PM

views 10

ব্ৰহ্মপুত্ৰ, বৰাক নদীৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ১,০১০ কোটি টকা বিনিয়োগ

ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰ্যালয়ে এহেজাৰ ১০ কোটি টকা বিনিয়োগ কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংসদৰ চলিত শীতকালীন অধিৱেশনত এই কথা প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সাগৰমালা আঁচনিৰ অধীনত ৯৬ কোটি ৬০ লাখ টকা বিনিয়োগেৰে মাজুলীত নতুন শ্লিপৱে' নিৰ্মাণত অনুমোদন জনোৱাৰ বিষয়েও উল্লেখ কৰে। ইতিমধ্যে বিত্ত মন্ত্ৰালয়ৰ বিত্তীয় বিভাগৰ দ্বাৰা এই সন্দৰ্ভত নীতিগত অনুমোদন জনোৱা হৈছে। কার্গো, যাত্ৰী চলাচল আৰু নদী পৰ্যটনৰ বাবে ব্ৰ...