December 15, 2024 12:12 PM

views 17

চৰকাৰে ব্ৰহ্মপুত্ৰৰ জলপথেৰে ৰাজ্যৰ সাতটা ধর্মীয় স্থানক সংযোগ কৰাৰ পৰিকল্পনা কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰকাশ

ৰাজ্য চৰকাৰে ব্ৰহ্মপুত্ৰৰ জলপথেৰে ৰাজ্যৰ সাতটা ধর্মীয় স্থানক সংযোগ কৰাৰ পৰিকল্পনা কৰিছে। ৰাজ্য চৰকাৰ বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰ্যালয়ৰ অনুমোদনৰ পাছত এই কাম আৰম্ভ কৰাৰ বাবে সাজু হৈছে। এই প্ৰকল্পৰ বাবদ ৬৪৫ কোটি ৫৬ লাখ টকা ব্যয় হ'ব বুলি অনুমান কৰা হৈছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে। এই প্ৰকল্পৰ অধীনত গুৱাহাটীৰ কামাখ্যা মন্দিৰ, উমানন্দ মন্দিৰ, চক্ৰেশ্বৰ মন্দিৰ, উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত মন্দিৰ, দৌল গোবিন্দ মন্দি...

December 14, 2024 10:55 AM

views 24

২০১৪ চনৰ পৰা দেশৰ আভ্যন্তৰীন জলপথ খণ্ড পুনৰ উজ্জীৱীতকৰণৰ অগ্ৰগতিৰ সবিশেষ প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে সংসদৰ চলিত শীতকালীন অধিৱেশনত ২০১৪ চনৰ পৰা দেশৰ আভ্যন্তৰীন জলপথ খণ্ড পুনৰ উজ্জীৱীতকৰণৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ সবিশেষ প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰে আভ্যন্তৰীণ জলপথক মালবাহী তথা যাত্রী চলাচলৰ অনুকূল আৰু বিকল্প পথ হিচাপে গঢ়ি তুলিবলৈ অহোপুৰুষাৰ্থ কৰি আহিছে। এই লক্ষ্যৰে কেন্দ্ৰই ছহেজাৰ কোটি টকাৰো অধিক পুঁজি ব্যয় কৰিছে। মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংসদত জলপথ সন্দৰ্ভত এটা প্ৰশ্নৰ উত্তৰত কয়, যে ২০১৪ চনলৈকে দেশত মাত্ৰ ৫টাহে ৰাষ্ট্ৰীয় জল...

December 8, 2024 12:24 PM

views 26

দেশৰ সংহতিৰ ক্ষেত্ৰত হিন্দীয়ে গ্ৰহণ কৰা ঐতিহাসিক ভূমিকা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আলোকপাত

মাদ্ৰাজৰ দক্ষিণ ভাৰত হিন্দী প্ৰচাৰ সভাৰ ৮৩ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ সংহতিৰ ক্ষেত্ৰত হিন্দীয়ে গ্ৰহণ কৰা ঐতিহাসিক ভূমিকা সন্দৰ্ভত আলোকপাত কৰে। তেওঁ কয় যে  এই বিষয়টোৰ ওপৰত মহাত্মা গান্ধীয়েও সদায় গুৰুত্ব আৰোপ কৰিছিল। হিন্দী ভাষাই কেতিয়াও নিজৰ কোনো আঞ্চলিক সমকক্ষৰ শত্ৰুতা প্ৰকাশ নকৰাকৈ সমভাৱে  সকলোকে গ্ৰহণ কৰি আন আঞ্চলিক ভাষাক সমৃদ্ধ কৰিছে বুলি শ্ৰীসোণোৱালে উল্লেখ কৰে। সোণোৱালে লগতে কয় যে ভাৰতীয় হিচাপে আমি হিন্...

December 8, 2024 11:49 AM

views 37

ভাৰত ২০৪৭ চনৰ ভিতৰত বিশ্বৰ ১০খন শীর্ষ সামুদ্রিক ৰাষ্ট্ৰৰ ভিতৰত অন্যতম ৰূপে পৰিগণিত হ’ব বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰকাশ

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰত ২০৪৭ চনৰ ভিতৰত বিশ্বৰ ১০খন শীর্ষ সামুদ্রিক ৰাষ্ট্ৰৰ ভিতৰত অন্যতম ৰূপে পৰিগণিত হ'ব বুলি প্ৰকাশ কৰিছে। তেওঁ কয়, যে দেশৰ বন্দৰসমূহত সামগ্ৰী সৰবৰাহৰ পৰিমাণ ক্ষিপ্ৰতাৰে বৃদ্ধি পাইছে আৰু জাহাজৰ নিৰ্মাণৰ লগতে পুনৰ নিৰ্মাণৰ সামৰ্থ বৃদ্ধি পাইছে। চেন্নাইৰ কামাৰাজা বন্দৰৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ অনুষ্ঠানত তেওঁ এই কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কালিৰ অনুষ্ঠানত ৫৪৫ কোটি টকা ব্যয় সাপেক্ষ সংহত জাহাজ নিয়ন্ত্রণ কেন্দ্ৰৰ লগতে আ...

December 6, 2024 12:53 PM

views 18

অনাগত সময়ত উত্তৰ-পূব ভাৰত দক্ষিণ-পূব এছিয়াৰ উন্নয়নৰ কেন্দ্ৰ হোৱাৰ সম্ভাৱনা আছেঃ সৰ্বানন্দ সোণোৱাল

বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কয়, যে অনাগত সময়ত উত্তৰ-পূব ভাৰত দক্ষিণ-পূব এছিয়াৰ উন্নয়নৰ কেন্দ্ৰ হোৱাৰ সম্ভাৱনা আছে। উত্তৰ-পূৰ্বাঞ্চলক সৱলীকৰণ- পৰিৱৰ্তনশীল দশকৰ দিশত আত্মনিৰ্ভৰ ভাৰত- বিষয়ক এখন সংবাদমেল সম্বোধন কৰি শ্ৰী সোণোৱালে কয়, যে চৰকাৰৰ এক্টইষ্ট নীতি কার্যকৰী কৰাৰ ক্ষেত্ৰত উত্তৰ-পূব ভাৰতৰ এটা মুখ্য ভূমিকা আছে। চৰকাৰে তৃণমূল পৰ্যায়ত গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে বিগত ১০ বছৰত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৬০ বাতকৈও বেছি উত্তৰ-পূৰ্ব...

November 20, 2024 7:05 PM

views 15

দুদিনীয়া কাৰ্যসূচীৰে অনুস্থিত বীৰ ৰাঘৱ মৰাণৰ ২৮৯ সংখ্যক জয়ন্তীৰ আজি সামৰণি

বীৰ ৰাঘৱ মৰাণৰ ২৮৯ সংখ্যক জয়ন্তীৰ দুদিনীয়া কাৰ্যসূচীৰ আজি সামৰণি পৰিছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তিনিচুকীয়া জিলাৰ কাকপথাৰত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত আজি বীৰগৰাকীৰ জীৱনগাঁথাক লৈ প্ৰকাশ কৰা স্মৰণিকা- বীৰ ৰাঘৱ উন্মোচন কৰে ডুমডুমা মহাবিদ্যালয়ৰ ৰাজনীতি বিভাগৰ অধ্যাপক ড০ প্ৰাণজিৎ শ‍ইকীয়াই। ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী, ৰাজ্যৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, বিধায়কসকল-বলীন চেতীয়া, সুৰেন ফুকন, ৰূপেশ গোৱালা, ঋতুপৰ্ণ বৰুৱাকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকা এই অনুষ্ঠ...

November 5, 2024 9:01 PM

views 20

ভাৰত অনতিপলমে সামুদ্রিক বাণিজ্যৰ বাবে গন্তব্যস্থানত পৰিণত হ’ব বুলি সৰ্বানন্দ সোণোৱালৰ প্ৰকাশ

কেন্দ্ৰীয় জাহাজ, পৰিবহণ আৰু বন্দৰ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সামুদ্রিক অৰ্থনীতিৰ ক্ষেত্ৰত ভাৰতৰ আমূল সম্ভাৱনাৰ কথা উল্লেখ কৰি কৈছে যে, ভাৰত অনতিপলমে সামুদ্রিক বাণিজ্যৰ বাবে গন্তব্যস্থানত পৰিণত হ'ব। আজি চেন্নাইত অনুষ্ঠিত The Week Maritime সন্মিলনত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে আৰু অধিক নিযুক্তিৰ সৃষ্টি, সম্পদ আৰু বহনক্ষম দৃষ্টিভংগীৰে পূৰ্বৰ সেই ঐতিহ্য ঘূৰাই আনিবলৈ আগ্রহী। বিগত বৰ্ষত চৰকাৰে ১০০ বিলিয়ন ডলাৰ পৰ্যন্ত বিনিয়োগ আকৰ্ষিত কৰিছিল ...

November 5, 2024 2:20 PM

views 18

সামুদ্রিক উদ্যোগত ভাৰতৰ সম্ভাৱনাই সামুদ্রিক অর্থনীতিত আমুল পৰিৱৰ্তন আনিবঃ সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় জাহাজ, পৰিবহণ আৰু বন্দৰ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে সামুদ্রিক উদ্যোগত ভাৰতৰ সম্ভাৱনাই সামুদ্রিক অর্থনীতিত আমুল পৰিৱৰ্তন আনিব, যাৰ ফলত এই উদ্যোগ অমৃত কালৰ সময়ত সামুদ্রিক বাণিজ্যৰ বাবে গন্তব্যস্থানত পৰিণত হ'ব। আজি চেন্নাইত অনুষ্ঠিত The Week Maritime সন্মিলনত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰাচীন কালত সামুদ্রিক বাণিজ্যৰ সময়ত তামিলনাড়ু বিশ্বৰ ভিতৰতে অন্যতম মুখ্য গন্তব্যস্থান আছিল। তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে আৰু অধিক নিযুক্তিৰ সৃষ্টি, সম্পদ আৰু বহনক্ষম দ...

November 3, 2024 12:25 PM

views 26

১৩ বছৰ অনুৰ্ধৰ অল ইণ্ডিয়া ছাব জুনিয়ৰ ৰেংকিং বেডমিণ্টন প্রতিযোগিতাত শ্রেষ্ঠত্ব প্ৰদৰ্শন কৰা অসমৰ খেলুৱৈসকলক  কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সম্বৰ্ধনা জ্ঞাপন

জাহাজ পৰিবহণ, বন্দৰ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ ডিব্ৰুগড়ৰ বাসগৃহত কালি ১৩ বছৰ অনুৰ্ধৰ অল ইণ্ডিয়া ছাব জুনিয়ৰ ৰেংকিং বেডমিণ্টন প্রতিযোগিতাত শ্রেষ্ঠত্ব প্ৰদৰ্শন কৰা অসমৰ খেলুৱৈসকলক সম্বৰ্ধনা জ্ঞাপন কৰে। ডিব্ৰুগড় জিলা ক্রীড়া সন্থাৰ উদ্যোগত যোৱা ২৫ৰ পৰা ৩০ অক্টোবৰলৈ অনুষ্ঠিত এই প্রতিযোগিতাত অসমৰ খেলুৱৈসকলে উন্নত প্ৰদৰ্শন কৰিছিল। মন্ত্ৰীগৰাকীয়ে কয় যে, খেলুৱৈসকলে অনাগত দিনতো ন-উদ্যমেৰে আৰু উৎকৃষ্ট প্ৰদৰ্শনেৰে জিলিকি উঠি ৰাজ্যখনৰ ক্ৰীড়া জগতৰ সুনাম বৃদ্ধি কৰিব বুলি আমি দৃঢ় বিশ্বাসী...

November 2, 2024 12:38 PM

views 25

দীপাৱলী আৰু কালীপূজা উপলক্ষে সর্বানন্দ সোণোৱালৰ তিনিচুকীয়া জিলা ভ্রমণ

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে দীপাৱলী আৰু কালীপূজা উপলক্ষে কালি তিনিচুকীয়া জিলা ভ্রমণ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তিনিচুকীয়াৰ নিউ মার্কেট কালী পূজাস্থলীত উপস্থিত হৈ দেৱীৰ আশিস গ্ৰহণ কৰে। ইপিনে, দীপাৱলী উপলক্ষে গুৱাহাটী মহানগৰীও বৰ্ণময় আলোকেৰে উজলি উঠে। মাটিৰ চাকিৰ পোহৰৰ সমান্তৰালভাৱে ৰং-বিৰঙী আলোকসজ্জাৰে মহানগৰীত দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি হয়। আনহাতে, চিৰাঙৰ পানবাৰীত নদিনীয়া কাৰ্যসূচীৰে কালীপূজা পালন কৰা হৈছে। কালি জিলাখনৰ ছিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ এন ডি এ সমর্থিত ইউ প...