April 8, 2025 12:36 PM

views 23

২০৩০ চনৰ ভিতৰত ভাৰতৰ সামুদ্রিক খণ্ডত ডেৰ লাখ কোটি টকাৰ বিনিয়োগ সৃষ্টি হোৱাৰ সম্ভাৱনা – সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ২৫ হাজাৰ কোটি টকাৰ প্ৰস্তাৱিত সামুদ্রিক উন্নয়ন পুঁজিৰ জৰিয়তে ২০৩০ চনৰ ভিতৰত ভাৰতৰ সামুদ্রিক খণ্ডত ডেৰ লাখ কোটি টকাৰ বিনিয়োগ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে । তেঁও লগতে কয় যে এই পুঁজিয়ে জাহাজ নির্মাণ, জাহাজ মেৰামতি আদিকে ধৰি দেশৰ অভ্যন্তৰীণ জলপথৰ প্ৰসাৰত উল্লেখনীয় অৱদান আগবঢ়াব। কালি সন্ধিয়া কোঁচিত চৰকাৰৰ সেউজীয়া জাহাজ স্থানান্তৰকৰণৰ এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰি সোণোৱালে এইদৰে কয়। তেঁও লগতে কয় যে সামুদ্রিক উন্নয়ন পুঁজিয়ে হাজা...

March 30, 2025 7:15 PM

views 30

ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ তুংগত

● ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ মাজত কেইঘণ্টামান বাকী থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। গোৱালপাৰা আৰু কামৰূপৰ ৩৩টা পৰিষদীয় সমষ্টিত অহা ২ এপ্ৰিলত হ'বলগীয়া এই নিৰ্বাচনৰ বাবে বিজেপি, মিত্রদল অসম গণ পৰিষদ আৰু ৰাভা হাচং যৌথ সংগ্রাম সমিতিয়ে আজিও ব্যাপক প্ৰচাৰ চলায়। ইয়াৰ লগতে কংগ্ৰেছ দল আৰু নিৰ্দলীয় প্ৰাৰ্থীসকলেও প্ৰচাৰ তীব্ৰতৰ কৰি তোলে। কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱালে আজি কামৰূপ জিলাত প্ৰচাৰ চলায়। মন্ত্...

March 25, 2025 6:53 PM

views 30

সৰ্বানন্দ সোণোৱালৰ ড° এমি খোড়ৰ সৈতে ছিংগাপুৰ সামুদ্রিক সপ্তাহৰ অংশ হিচাপে ভাৰত মণ্ডপ উদ্বোধন

ছিংগাপুৰ চৰকাৰৰ আমন্ত্রণমর্মে দেশখন ভ্ৰমণলৈ যোৱা কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি দেশখনৰ জ্যেষ্ঠ মন্ত্ৰী ড° এমি খোড়ৰ সৈতে ছিংগাপুৰ সামুদ্রিক সপ্তাহৰ অংশ হিচাপে ভাৰত মণ্ডপ উদ্বোধন কৰে। এই মণ্ডপত ভাৰতৰ সামুদ্রিক উদ্ভাৱন আৰু শক্তি সম্ভাৱনা এই মণ্ডপ ভাৰত আৰু ছিংগাপুৰৰ ৬০ বছৰীয়া কূটনৈতিক সম্পৰ্কৰ উদযাপনৰ মঞ্চ হিচাপে পৰিগণিত হৈছে বুলি শ্ৰী সোণোৱালে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি এই অনুষ্ঠানত অংশ লোৱাৰ আগেয়ে ভাৰতীয় জাহাজ পৰিবহণ পঞ্জীয়কৰ মণ্ডপো মুকলি কৰে। দে...

March 20, 2025 11:08 AM

views 35

নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ সিদ্ধান্তক আদৰণি সৰ্বানন্দ সোণোৱালৰ

■ কেন্দ্রীয় মন্ত্রীসভাই কালি নামৰূপত ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডৰ বৰ্তমানৰ চৌহদত বছৰি ১২ লাখ ৭০ হাজাৰ মেট্রিক টন উৎপাদনক্ষম এম’নিয়া ইউৰিয়া প্ৰকল্প স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনায়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধক্ষ্যতাত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই প্ৰস্তাৱত অনুমোদন দিয়া হয়। এই প্ৰকল্পত ৰাজ্য চৰকাৰৰ ৪০ শতাংশ, ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডৰ ১১ শতাংশ, হিন্দুস্তান উৰ্বৰক এণ্ড ৰাসায়ন লিমিটেডৰ ১৩ শতাংশ, ৰাষ্ট্ৰীয় সাৰ লিমিটেডৰ ১৮ শতাংশ আৰু অইল ইণ্ডিয়া লিমিটেডৰ ১৮ শতাংশ অং...

March 4, 2025 7:58 PM

views 24

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৩৭ খন বিছনাযুক্ত ৰোগী সেৱা কেবিনৰ আধাৰশিলা স্থাপন

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৩৭ খন বিছনাযুক্ত ৰোগী সেৱা কেবিনৰ আধাৰশিলা স্থাপন কৰে। এই নতুন ব্যৱস্থাৰ জৰিয়তে ৰোগীসকলে যথেষ্ট সকাহ পাব বুলি আশা কৰা হৈছে। অইল ইণ্ডিয়া লিমিটেডৰ ক'ৰ্পৰেট সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত ৮ কোটি ৮৯ লাখ টকা ব্যয় সাপেক্ষে নির্মাণ হ'বলগীয়া এই ৩৭টা উন্নত মানৰ সুবিধাযুক্ত কোঠাত ২৪ ঘণ্টাই ৰোগীয়ে প্ৰয়োজনীয় চিকিৎসা লাভ কৰিব। উল্লেখযোগ্য যে ২০২৪ বৰ্ষত অইল ইণ্ডিয়া লিমিটেডে অসম চিকিৎসা মহাবিদ্যালয়ৰ সৈতে ১০০টা অত্...

February 26, 2025 7:40 PM

views 21

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অসমত সামুদ্রিক উৎকর্ষ কেন্দ্ৰ স্থাপনৰ প্ৰতিশ্ৰুতি

বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আছামৰ আজি দ্বিতীয় দিনাও কেইবাটাও দেশী- বিদেশী ঔদ্যোগিক প্ৰতিষ্ঠানৰ সৈতে ৰাজ্য চৰকাৰে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। ৰাজ্য চৰকাৰ আৰু ষ্টাৰ চিমেণ্ট লিমিটেডৰ মাজত সম্পাদিত চুক্তি অনুযায়ী কোম্পানীটোৰ অধীনৰ ষ্টাৰ চিমেণ্ট নৰ্থ-ইষ্ট লিমিটেডে ৩,২০০ কোটি টকা বিনিয়োগেৰে অসমত চিমেণ্ট ক্লিংকাৰ আৰু গুড়ি কৰা প্ৰকল্প স্থাপন কৰিব। একেদৰে ৰাজ্য চৰকাৰ আৰু গ্ল’বেল হেল্থ লিমিটেড মেডান্তাই আজি ৫০০ কোটি টকা ব্যয়েৰে বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে এখন অত্যাধুনিক মাল্টিস্পেচি...

February 16, 2025 12:18 PM

views 15

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ  নাৰায়ণপুৰৰ বৰদেউৰী গাঁৱত অৱস্থিত কুন্দি-কু অর্থাৎ দেওশালৰ নৱনিৰ্মিত কুন্দিকু গৃহ উদ্বোধন

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি নাৰায়ণপুৰৰ বৰদেউৰী গাঁৱত অৱস্থিত কুন্দি-কু অর্থাৎ দেওশালৰ নৱনিৰ্মিত কুন্দিকু গৃহ উদ্বোধন কৰে। কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা এই অনুষ্ঠানত সমন্বয় আৰু আধ্যাত্মিকতাৰ মিলন দেখি আনন্দিত হোৱা বুলি উল্লেখ কৰে। তেওঁ লগতে দেউৰীসকলৰ সমৃদ্ধ ইতিহাসে জাতীয় জীৱনক মহিমামণ্ডিত কৰিছে বুলি প্ৰকাশ কৰি সম্প্ৰদায়টোৰ ইতিহাস যাতে নতুন প্ৰজন্মই আওকান নকৰে তাৰ প্ৰতি সজাগ হোৱাৰ আহ্বান জনায়। এই দেওশালখনৰ ৪০০ বছৰীয়া ...

January 26, 2025 7:10 PM

views 32

৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে দেশবাসীলৈ  কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ তথা জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শুভেচ্ছা জ্ঞাপন

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ তথা জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে আজি নতুন দিল্লীৰ চৰকাৰী বাসভৱনত ৰাষ্ট্ৰীয় পতাকা উৰুৱায়। শ্ৰীসোণোৱালে লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জনাইছে। বিশ্ববিদ্যালয়খনে বহু মানৱ সম্পদ সৃষ্টিৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে নতুন দিগন্তৰ সূচনা কৰা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়ত পঢ়ি থকা কালৰ স্মৃতি সোঁৱৰে।

January 11, 2025 7:20 PM

views 36

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত অগৰাতলী বনাঞ্চল পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত অগৰাতলী বনাঞ্চল পৰিদৰ্শন কৰে। কাজিৰঙাৰ আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ দ্বিতীয় বৈঠকত উপস্থিত থাকি পৰৱৰ্তী ৫ বছৰত দেশৰ আভ্যন্তৰীণ জলপথৰ বিকাশৰ বাবে ৫০ হাজাৰ কোটিতকৈও অধিক টকা বিনিয়োগ কৰা হ'ব বুলি তেওঁ সদৰি কৰে। লগতে মন্ত্ৰীগৰাকীয়ে কয়, যে ৰাষ্ট্ৰীয় জলপথৰ পাৰত বসবাস কৰি থকা লোকসকলৰ জীৱন-যাপনৰ মান উন্নত কৰাৰ বাবে আন্তঃগাঁথনিৰ বিকাশ, বাণিজ্য আৰু পৰ্যটনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে দক্...

December 15, 2024 6:33 PM

views 13

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দ্বাৰা জলবাহক শীর্ষক কাৰ্গ’ আঁচনি আৰু নিৰ্ধাৰিত সেৱাৰ শুভাৰম্ভ

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি জলবাহক শীর্ষক কাৰ্গ’ আঁচনি আৰু নিৰ্ধাৰিত সেৱাৰ শুভাৰম্ভ কৰে। এই উপলক্ষে কলকাতাৰ জি আৰ জেটীত আয়োজিত অনুষ্ঠানত মন্ত্ৰী শ্ৰীসোণোৱালে গংগা নৈৰ এক নম্বৰ ৰাষ্ট্ৰীয় জলপথ, দুই নম্বৰ ব্ৰহ্মপুত্ৰ নৈৰ ৰাষ্ট্ৰীয় জলপথ আৰু ১৬ নম্বৰ বৰাক নৈৰ ৰাষ্ট্ৰীয় জলপথেৰে দক্ষ, ব্যয়সাপেক্ষ আৰু বহনক্ষম পৰিবহণৰ বাবে শক্তিৰ সঞ্চাৰ কৰাৰ লক্ষ্যৰে আঁচনিখনৰ আৰম্ভণি কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে কয়, যে এই আঁচনিৰ অধীন...