August 18, 2025 8:54 PM

views 22

ৰাজ্যসভাত গৃহীত ভাৰতীয় বন্দৰ বিধেয়ক-২০২৫

ৰাজ্যসভাত আজি ভাৰতীয় বন্দৰ বিধেয়ক ২০২৫ গৃহীত হয়। এই বিধেয়কে বৃহৎ বন্দৰসমূহৰ লগতে ৰাজ্যৰ সামুদ্রিক বোর্ডৰ প্ৰতিষ্ঠা আৰু ইয়াৰ সৱলীকৰণ, বন্দৰ খণ্ডৰ উন্নয়ন আৰু ৰাজ্যিক সামুদ্রিক উন্নয়ন পৰিষদৰ আন্তঃগাথনি বিকশাই তোলাৰ লগতে প্ৰদূষণ, দুৰ্যোগ, জৰুৰীকালীন, সুৰক্ষা, দিশ নিৰ্ণয়, বন্দৰৰ তথ্য আদি আহৰণৰ সুবিধা প্ৰদান কৰিব। এই বিধেয়কে লগতে বন্দৰৰ লগত জড়িত বিভিন্ন বিবাদসমূহ মীমাংসা আৰু ইয়াৰ লগত জড়িত বিষয়সমূহ চোৱা-চিতা কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব। এই বিধেয়কৰ সন্দৰ্ভত হোৱা আলোচনাত অংশ লৈ কেন্দ্ৰীয় বন্দ...

August 13, 2025 12:12 PM

views 15

ভাৰত আৰু ছিংগাপুৰৰ মাজত শক্তিশালী তথা বহুমুখী সম্পৰ্ক আছে আৰু এই সংযোগ হৈছে সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ মূল চাবি-কাঠি – সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, যে ভাৰত আৰু ছিংগাপুৰৰ মাজত শক্তিশালী তথা বহুমুখী সম্পৰ্ক আছে আৰু এই সংযোগ হৈছে সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ মূল চাবি-কাঠি। মুম্বাইত কালি সেউজ আৰু ডিজিটেল মেৰিটাইম কৰিডৰ কাৰ্যসূচীৰ এটা ভিডিঅ’ বাৰ্তাত শ্ৰীসোণোৱালে কয়, যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ছিংগাপুৰৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্ক বিভিন্ন খণ্ডলৈ সম্প্ৰসাৰিত হৈছে। তেওঁ লগতে কয়, যে ভাৰত-ছিংগাপুৰ গ্ৰীণ এণ্ডডিজিটেল শ্বিপীং কৰিডৰেকম নিৰ্গমন প্ৰযুক্তিৰ গ্ৰহণ ত্বৰান্বিত ক...

August 3, 2025 11:12 AM

views 37

কপিলী নদীৰে মালবাহী সামগ্ৰীৰ প্ৰথম পৰীক্ষামূলক যাত্ৰাৰ শুভাৰম্ভ

● অসমৰ নদী ভিত্তিক বাণিজ্য আৰু বহনক্ষম পৰিবহণৰ দিশত ঐতিহাসিক পদক্ষেপ হিচাপে ৫৭ নম্বৰ ৰাষ্ট্ৰীয় জলপথ হিচাপে চিহ্নিত কপিলী নদীৰে কালি মালবাহী সামগ্ৰীৰ প্ৰথম পৰীক্ষামূলক যাত্ৰাৰ শুভাৰম্ভ কৰা হয়। কামৰূপ মহানগৰ জিলাৰ চন্দ্ৰপুৰৰ গোৱৰ্দ্ধনৰ পৰা দক্ষিণ শালমৰাৰ হাটশিঙিমাৰীলৈ কালি এই যাত্ৰাৰ শুভাৰম্ভ কৰা হয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই পদক্ষেপক অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ অন্তৰ্দেশীয় জলপথ পৰিবহনৰ বাবে ঐতিহাসিক মুহূৰ্ত বুলি অভিহিত কৰে। স্বয়ংক্রিয়ভাৱে সামগ্রী বো...

June 30, 2025 8:09 PM

views 14

কেন্দ্ৰীয় চৰকাৰৰ সাগৰ মালা আঁচনিৰ জৰিয়তে ২০২৯ চনৰ ভিতৰত নৌপথেৰে এক নিযুত যাত্ৰী পৰিবহনৰ অভিলাষী আঁচনি গ্ৰহণ

কেন্দ্ৰীয় চৰকাৰে সাগৰ মালা আঁচনিৰ জৰিয়তে ২০২৯ চনৰ ভিতৰত নৌপথেৰে এক নিযুত যাত্ৰী পৰিবহনৰ অভিলাষী আঁচনি গ্ৰহণ কৰিছে। কেন্দ্ৰীয় জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি চেন্নাইত প্রথম আছিয়ান ইণ্ডিয়া জল পৰিবহন বাৰ্তালাপৰ উদ্বোধন কৰি এইকথা প্ৰকাশ কৰে। তেওঁ কয়, যে আছিয়ান দেশসমূহক নৌপথেৰে সংলগ্ন কৰি দেশৰ ৫ হাজাৰ কিলোমিটাৰ নৌপথক বাণিজ্যিকভাৱে কাৰ্যক্ষম কৰি তোলা হ'ব। তেওঁ কয়, যে ২০১৩-১৪ বৰ্ষত দেশত উচ্চ গতিসম্পন্ন জাহাজৰ সঞ্চালন ১০২ টা পথৰ পৰা বৰ্তমান ১৪ হাজাৰ ২৭২ লৈ বৃদ্ধি পাইছে। যোৱা...

June 1, 2025 11:49 AM

views 37

সোমবাৰৰ পৰা ৫ দিনীয়া নৰৱে’ আৰু ডেনমার্ক ভ্রমণসূচীৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

● কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল কাইলৈ পাঁচদিনীয়া নৰৱে' আৰু ডেনমার্ক ভ্রমণসূচীৰে ৰাওনা হ'ব। ন'ৰৱেত শ্ৰী সোণোৱালে অছলোত নৰ ছিপিং বাণিজ্য মেলা আৰু সন্মিলনৰ ৬০ সংখ্যক সংস্কৰণত মহাসাগৰ সম্পৰ্কীয় এখন উচ্চ পর্যায়ৰ বৈঠকত ভাষণ দিব আৰু প্ৰথমটো ভাৰতীয় মণ্ডপ মুকলি কৰিব। তেওঁ লগতে সন্মিলনত ভাগ লোৱাৰ সুযোগতে জাপান আৰু নৰ'ৱেৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হ'ব আৰু ইউৰোপৰ আগশাৰীৰ নৌ পৰিবহণ কোম্পানী, প্রযুক্তি বিকাশক আৰু যন্ত্রাংশ নির্মাতাৰ সৈতে মত-বিনিময়...

May 21, 2025 12:29 PM

views 26

ডিব্ৰুগড় পৌৰ নিগম পৰিষদৰ বৈঠকত সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ডিব্ৰুগড় পৌৰ নিগম পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰি চহৰখনৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। তেওঁ চহৰখনৰ কৃত্রিম বান সমস্যাৰ সমাধান, নলা-নৰ্দমাৰ সু-ব্যৱস্থাপনা, বাট পথৰ উন্নীতকৰণ, চহৰৰ সৌন্দৰ্য বর্ধনকে ধৰি বিভিন্ন বিষয় লৈ আলোচনা কৰে। শ্ৰীসোণোৱালে লগতে সমস্যাসমূহৰ সমাধানৰ বাবে যাৱতীয় কাম ক্ষিপ্রতাবে সম্পন্ন কৰিবলৈ বিষয়ববীয়াসকলক আহ্বান জনায়। বৈঠকত মন্ত্ৰী প্ৰশান্ত ফুকন, মেয়ৰ ডাঃ ছৈকত পাত্র, উপ-পৌৰপতি উজ্বল কুমাৰ ফুকনৰ উপৰি পৌৰ নিগমৰ ভালেসংখ্যক ...

May 20, 2025 12:30 PM

views 22

আভ্যন্তৰীণ জলপথৰ দ্রুত উন্নয়ন আৰু ৰূপান্তৰৰ বাবে কেন্দ্ৰীয় চৰকাৰ অগ্ৰসৰ হৈছে বুলি সৰ্বানন্দ সোণোৱালৰ প্ৰকাশ

ৰাজ্য তথা উত্তৰ-পূৰ্বাঞ্চলৰ আভ্যন্তৰীণ জলপথৰ দ্রুত উন্নয়ন আৰু ৰূপান্তৰৰ বাবে কেন্দ্ৰীয় চৰকাৰ সুদূৰপ্ৰসাৰী দৃষ্টিভংগীৰে অগ্ৰসৰ হৈছে বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্তব্য কৰিছে। গুৱাহাটীৰ সামুদ্রিক দক্ষতা বিকাশ কেন্দ্ৰত ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ অধীনত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ৰূপায়ণ হৈ থকা অভিলাষী প্রকল্পসমূহৰ পৰ্যালোচনা কৰি শ্ৰীসোণোৱালে বিগত দুবছৰত অঞ্চলটোত এইক্ষেত্ৰত এহেজাৰ কোটি টকাৰ বিনিয়োগ কৰা হৈছে বুলি জানিবলৈ দিয়ে। ইয়াৰে ৩০০ কোটি টকা ...

May 19, 2025 7:49 PM

views 35

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ সম্প্ৰদায়ক জল পৰিবহণ খণ্ডৰ কৌশল আহৰণ কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ সম্প্ৰদায়ক জল পৰিবহণ খণ্ডৰ কৌশল আহৰণ কৰিবলৈ আহ্বান জনাইছে। আজি গুৱাহাটীত বন্দৰ আৰু নদী পৰিবহণ খণ্ডৰ কাম-কাজৰ এখন পর্যালোচনা সভাত অংশগ্ৰহণ কৰি শ্ৰী সোণোৱালে কয়, যে গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰতে এটা লাইট হাউছ নিৰ্মাণ কৰা হ'ব আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীক নৌ পৰিবহণ আৰু নৌ ব্যৱসায়ৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ চৰকাৰে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব।

May 18, 2025 7:42 PM

views 21

সামুদ্রিক খণ্ডত মহিলা সৱলীকৰণৰ জৰিয়তে সামুদ্রিক খণ্ডৰ প্রগতি, স্থিতিস্থাপকতা তথা উদ্ভাৱনশীলতাও বৃদ্ধি হয়ঃ  সৰ্বানন্দ সোণোৱাল

সামুদ্রিক খণ্ডত মহিলা সৱলীকৰণৰ জৰিয়তে সমাজত লিংগ সমতা অক্ষুণ্ণ থকাৰ লগতে সামুদ্রিক খণ্ডৰ প্রগতি, স্থিতিস্থাপকতা তথা উদ্ভাৱনশীলতাও বৃদ্ধি হয়। বন্দৰ, জাহাজ পৰিবহণ তথা জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মুম্বাইৰ সামুদ্রিক খণ্ডত মহিলাৰ আন্তঃৰাষ্ট্ৰীয় দিৱস উদযাপন অনুষ্ঠান মুকলি কৰি এই কথা প্ৰকাশ কৰে। সামুদ্রিক খণ্ডত মহিলা - বহন ক্ষমতা আৰু ৰূপান্তৰৰ কৰ্ণধাৰ বিষয় সন্দৰ্ভত আয়োজিত এই- অনুষ্ঠানৰ জৰিয়তে সামুদ্রিক খণ্ডৰ প্ৰতিটো দিশতে মহিলাৰ অংশগ্রহণ ত্বৰান্বিত কৰাৰ লক্ষ্য লোৱা হৈছে। এই অনুষ্ঠানৰ জৰিয...

April 16, 2025 12:09 PM

views 18

সাদিনীয়া ব’হাগ বিহুৰ আজি গোসাঁই বিহু পালন

সাদিনীয়া ব'হাগ বিহুৰ আজি গোসাঁই বিহু। ৰঙালী বিহুৰ তৃতীয় দিনা অসমবাসীয়ে আজি পৰম্পৰাগতভাৱে গোসাঁই বিহু হিচাপে পালন কৰে। আজি পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ, নামঘৰ, মন্দিৰ, দেৱালয়কে ধৰি ধৰ্মীয় অনুষ্ঠানসমূহত জনসাধাৰণে ভিৰ কৰিছে। বিভিন্ন সত্ৰ-নামঘৰত আজি নাম-প্ৰসংগ, মন্দিৰসমূহত পূজা-অৰ্চনাকে ধৰি ভালেমান কাৰ্যসূচী লোৱা হৈছে। বছৰটোৰ বাবে নিজৰ লগতে আপোনজনৰ মংগল কামনাৰে ৰাইজে আজি নেদেখাজনৰ ওচৰত আশীষ ল'ব।