December 14, 2025 11:50 AM
13
কেন্দ্রীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালৰ চতুর্দশ ডিব্ৰুগড় গ্রন্থমেলাত অংশগ্ৰহণ
কেন্দ্রীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে কালি ডিব্ৰুগড়ৰ চৌকিদিঙি খেলপথাৰত অনুষ্ঠিত হৈ থকা চতুর্দশ ডিব্ৰুগড় গ্রন্থমেলাত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে গ্ৰন্থমেলাৰ বাকৰিত উপস্থিত হৈ নৱপ্ৰজন্মক গ্রন্থ অধ্যয়নৰ বাবে আহ্বান জনায়। তেওঁ কয়, যে গ্রন্থ অধ্যয়নৰ অভ্যাসেহে এখন সমাজ শক্তিশালী কৰিব পাৰে। বৰ্তমানৰ প্রতিযোগিতাৰ পৃথিবীখনত সফলতাৰে বৰ্তি থাকিবলৈ হ'লে অধ্যয়নৰ বিকল্প একো নাই বুলি তেওঁ উল্লেখ কৰে। বিয়লিৰ ভাগত গ্ৰন্থমেলাত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে শিল্পীগৰাকীৰ গ...