January 24, 2026 12:33 PM

views 57

উত্তৰ পূৰ্বাঞ্চলত নগৰীয়া জলপথ কেন্দ্র হিচাপে গঢ়ি তোলাৰ বাবে ৫০০ কোটিৰো অধিক টকা বিনিয়োগ

কেৰালাৰ কোচিৰ ৱাটাৰ মেট্ৰ'ৰ আর্হিত অসমৰ গুৱাহাটী, তেজপুৰ, ডিব্ৰুগড় চহৰক সংযোগ কৰি নগৰীয়া জলপথ কেন্দ্র হিচাপে গঢ়ি তোলা ক্রুজ জেটি চলোৱাৰ বাবে বিশেষ উদ্যোগ গ্রহণ কৰা হৈছে। কেৰালাত অনুষ্ঠিত আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ তৃতীয় অধিৱেশনত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে কালি এই কথা প্রকাশ কৰে। মন্ত্রী সোণোৱালে কয়, যে নদী জলপথেৰে আঞ্চলিক যোগাযোগ বৃদ্ধিৰ লগতে জীৱিকাৰ বাবে নতুন সুযোগ সৃষ্টি কৰাৰ উদ্যোশ্যে এই উদ্যোগ গ্ৰহণ কৰা হৈছে। উত্তৰ পূৰ্বাঞ্চলত জলপথৰ বিকাশৰ বাবে ৫০০ কোটিৰো অ...

January 15, 2026 10:08 AM

views 47

মাস্কাটৰ ছুল্টান কাবুছ বন্দৰত ভাৰতীয় নৌসেনাৰ জাহাজ কৌন্দিন্যৰ নাবিকৰ দলটোক কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ আদৰণি

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কালি মাস্কাটৰ ছুল্টান কাবুছ বন্দৰত ভাৰতীয় নৌসেনাৰ জাহাজ কৌন্দিন্যৰ নাবিকৰ দলটোক আদৰণি জনায়। তেওঁ এই আগমনক কেৱল এক যাত্ৰাৰ উৎসৱ নহয় বৰঞ্চ এক গভীৰ সভ্যতাৰ উদযাপন বুলি অভিহিত কৰে। বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী শ্রীসোণোৱালে কয়, যে পৰম্পৰাগতভাবে নির্মিত এই জাহাজখন ওমানৰ ৰাজধানীত উপস্থিত হোৱাটো ঐতিহাসিক তথা বাণিজ্যিক সম্পৰ্ক আৰু পাৰস্পৰিক সন্মানেৰে শক্তিশালী কৰা ভাৰত-ওমানৰ মাজৰ চিৰস্থায়ী বন্ধুত্বৰ প্ৰতীক। পোৰবন্দৰৰ পৰা প্ৰথম যাত্রা সম্পূৰ্ণ কৰাৰ পাছত আই এন এ...

January 11, 2026 11:58 AM

views 42

নৌ চলাচল বৃদ্ধিৰ উদ্দেশ্যে ব্রহ্মপুত্রক কেন্দ্র কৰি বগীবিল, শিলঘাট, পাণ্ডু আৰু বিশ্বনাথ ঘাটত চাৰিটা নতুন আলোকস্তম্ভ নির্মাণ কৰা হ’ব বুলি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ প্রকাশ

অসমত অভ্যন্তৰীণ জলপথত নৌ চলাচল বৃদ্ধিৰ উদ্দেশ্যে ব্রহ্মপুত্রক কেন্দ্র কৰি বগীবিল, শিলঘাট, পাণ্ডু আৰু বিশ্বনাথ ঘাটত চাৰিটা নতুন আলোকস্তম্ভ নির্মাণ কৰা হ'ব বুলি কেন্দ্রীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে প্রকাশ কৰিছে। বিশাখাপটনমত অনুষ্ঠিত ভাৰতীয় আলোকস্তম্ভ মহোৎসৱত অংশগ্রহণ কৰি কালি মন্ত্ৰীগৰাকীয়ে কয়, যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দূৰদর্শী নেতৃত্বত আলোকস্তম্ভসমূহ অকল উপকূলতে নহয়, বৰং বিভিন্ন সম্প্রদায়ৰ মনতো উজ্জ্বল হৈ থাকিব। তেওঁ কয়, যে আলোকস্তম্ভ পর্যটনো স্থানীয় পর্যায়ত জীৱ...

January 4, 2026 9:23 PM

views 40

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কনভয় ডিব্ৰুগড়ত দুৰ্ঘটনাত পতিত হয়

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কনভয় আজি ডিব্ৰুগড়ত এটা দুৰ্ঘটনাত পতিত হয়। শ্ৰী সোণোৱাল ওপজা গাঁও বিন্ধাকটালৈ গৈ থকা অৱস্থাত চাবুৱাৰ হাতীআলি বাইপাছত দুৰ্ঘটনাটো সংঘটিত হয়। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী গৈ থকা অৱস্থাত কনভয়টোৰ এখন গাড়ীয়ে পথৰ দাঁতিত ৰখাই থোৱা এখন ব্যক্তিগত বাহনত খুন্দা মৰাৰ ফলতেই দুর্ঘটনাটো সংঘটিত হয়। ঘটনাত দুজন সাধাৰণ নাগৰিক আহত হোৱাৰ লগতে ৪ গৰাকী আৰক্ষী আহত হয়। আহত কেইজনক ততাতৈয়াকৈ ডিব্ৰুগড় অসম চিকিৎসা মহাব...

January 3, 2026 6:59 PM

views 52

এখন শক্তিশালী পাঠক সমাজে জাতিটোক শক্তিশালী কৰে আৰু গ্ৰন্থমেলা হৈছে এনে পাঠক সমাজ গঢ়ি তোলাৰ মহৎ পদক্ষেপঃ সৰ্বানন্দ সোণোৱাল

এখন শক্তিশালী পাঠক সমাজে জাতিটোক শক্তিশালী কৰে আৰু গ্ৰন্থমেলা হৈছে এনে পাঠক সমাজ গঢ়ি তোলাৰ মহৎ পদক্ষেপ বুলি কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্রকাশ কৰিছে। খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ বাকৰিত কালি গ্ৰন্থমেলাৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰি শ্ৰীসোণোৱালে এইদৰে কয়। তেওঁ গ্ৰন্থমেলা কিতাপৰ তীৰ্থস্থান বুলি উল্লেখ কৰি কয়, যে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাই গ্ৰন্থমেলাৰ জৰিয়তে ৰাজ্যত বৌদ্ধিক আন্দোলন শক্তিশালী কৰিছে। প্রযুক্...

December 4, 2025 6:28 PM

views 49

যোৱা কেইটামান বছৰত উত্তৰ-পূৰ্বাঞ্চল দেশৰ উন্নয়নৰ কেন্দ্ৰবিন্দুৰূপে পৰিগণিত হৈছেঃ সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৱা কেইটামান বছৰত উত্তৰ-পূৰ্বাঞ্চল দেশৰ উন্নয়নৰ কেন্দ্ৰবিন্দুৰূপে পৰিগণিত হোৱা বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয়, যে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন নীতি আৰু আঁচনি ৰূপায়ণৰ ফলত অঞ্চলটোত যোগাযোগসহ বিভিন্ন ক্ষেত্ৰত দ্রুত উন্নয়ন হৈছে। বাণিজ্যিক বিমান বন্দৰৰ সম্প্ৰসাৰণ, ছেমি কণ্ডাক্টৰ, ৰে'লৱে আৰু অন্য খণ্ডসমূহক উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰগতিৰ মূল চালিকাশক্তি বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।...

November 25, 2025 12:42 PM

views 65

সদৌ অসম মটক সন্মিলনৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস সোমবাৰে ডিব্ৰুগড়ৰ বকপাৰাত অনুষ্ঠিত হয়

■ সদৌ অসম মটক সন্মিলনৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস কালি ডিব্ৰুগড় জিলাৰ বকপাৰাত অনুষ্ঠিত হয়। এই সন্মিলনত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত মটক জনগোষ্ঠীৰ অৱদান অপৰিসীম বুলি উল্লেখ কৰে। প্ৰতিষ্ঠা দিৱসৰ এই অনুষ্ঠানত মটক জনগোষ্ঠীৰ কেইবাগৰাকীও নেতা আৰু ভালেসংখ্যক লোক উপস্থিত মন্ত্ৰীগৰাকী কালি ডিব্ৰুগড়ৰ নন্দলাল বৰগোহাঁই চিটি মহাবিদ্যালয়ত অধ্যাপিকা জ্যোতি বৰগোহাঁইৰ জ্যোতিস্নাতা শীৰ্ষক গ্ৰন্থখনৰ উন্মোচনী সভাত উপস্থিত...

November 23, 2025 6:37 PM

views 65

শ্ৰমিকসকলৰ কল্যাণৰ বাবে সজাগতাপূর্ণ পৰিৱেশ সৃষ্টিৰ লক্ষ্যৰে সমগ্ৰ ৰাজ্যতে শ্রমিক কল্যাণ দিৱস পালন

শ্ৰমিকসকলৰ কল্যাণৰ বাবে সজাগতাপূর্ণ পৰিৱেশ সৃষ্টিৰ লক্ষ্যৰে আজি সমগ্ৰ ৰাজ্যতে শ্রমিক কল্যাণ দিৱস পালন কৰা হয়। ৰাজ্য চৰকাৰে বিশিষ্ট শ্রমিক নেতা প্রয়াত সন্তোষ কুমাৰ তপ্নৰ জন্ম বার্ষিকী উপলক্ষে প্ৰতিবছৰে ২৩ নৱেম্বৰৰ দিনটো শ্রমিক কল্যাণ দিৱস হিচাপে পালন কৰি আহিছে। এই উপলক্ষে আজি ডিব্ৰুগড় জিলাৰ চাবুৱাৰ দিনজয় ফিল্ডত আয়োজিত অনুষ্ঠানত কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে। শ্ৰী সোণোৱালে তেওঁৰ ভাষণত কয়, যে শ্রমিকসকল হৈছে সমাজৰ চালিকা শক্তি তথা ৰাষ্ট্ৰ নিৰ্মাণৰ খনিকৰ। প্ৰধানমন্ত্ৰী নৰেন্...

September 1, 2025 11:31 AM

views 52

ডিব্ৰুগড়ত ৩ টা প্ৰকল্প উদ্বোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

■ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত তিনিটা প্ৰকল্প উদ্বোধন কৰিব। শ্ৰী সোণোৱালে ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ ড০ যোগীৰাজ বসু বিজ্ঞান আৰু প্রযুক্তি বিদ্যা ভৱন উদ্বোধন কৰিব। তেওঁ লগতে কেন্দ্ৰীয় চৰকাৰৰ সাংসদ পুঁজিৰে নিৰ্মাণ কৰা এটা শৰীৰ চৰ্চা কেন্দ্ৰ আৰু খোৱাপানী প্ৰকল্প উদ্বোধন কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কালি ডিব্ৰুগড়ত পি এম স্বনিধি আঁচনি শীৰ্ষক এটা অনুষ্ঠানত অংশ লৈ কয়, যে এই আঁচনিৰ মূল লক্ষ্য হৈছে পদপথৰ ব্যৱসায়ীসকলক সকাহ দি...

August 25, 2025 10:19 AM

views 70

অসম চৰকাৰক ৬০ বছৰৰ বাবে লীজত মুম্বাইৰ কোলাবাৰ অভিজাত অঞ্চলৰ ৪ বিঘা ভূমি

■ মুম্বাইৰ কোলাবাৰ অভিজাত অঞ্চলৰ ৪ বিঘা ভূমি মুম্বাই কৰ্তৃপক্ষই অসম চৰকাৰক ৬০ বছৰৰ বাবে লীজত দিছে। দেশৰ বাণিজ্যিক ৰাজধানীখনত অসমৰ জনসাধাৰণৰ বাবে যাৱতীয় ৰাজহুৱা আন্তঃগাঁথনিৰ বিকাশ তথা সুচল ব্যৱস্থা গঢ়ি তোলাৰ বাবে অসম চৰকাৰে এই ভূমিত এটা নিজা চৌহদ স্থাপন কৰিব। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি এখন সংবাদমেলত এই কথা ঘোষণা কৰে। তেওঁ কয়, যে ইয়াৰ জৰিয়তে মুম্বাই চহৰলৈ অহা অসমৰ উদ্যোগী, ছাত্ৰ-ছাত্ৰী, ৰোগী তথা অন্যান্য লোকসকল উপকৃত হ'ব। শ্ৰীসোণোৱালে এই ভূমিত স্থা...