November 14, 2024 12:17 PM November 14, 2024 12:17 PM
11
জ্যোতি শিক্ষাকেন্দ্ৰসমূহত ১০ বছৰৰ অধিক কাল কর্মৰত শিক্ষা কৰ্মীসকলক পে স্কেল প্রদান সন্দৰ্ভত বিবেচনা কৰিবলৈ সৰ্বশিক্ষা অভিযানক নির্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যৰ জ্যোতি শিক্ষাকেন্দ্ৰসমূহত ১০ বছৰৰ অধিক কাল কর্মৰত শিক্ষা কৰ্মীসকলক পে স্কেল প্রদান সন্দৰ্ভত বিবেচনা কৰিবলৈ সৰ্বশিক্ষা অভিযানক নির্দেশ দিছে। ১০৫ গৰাকী ব্যক্তিয়ে দাখিল কৰা লেখ আবেদনৰ শুনানি গ্রহণ কৰি উচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠে শিক্ষা কৰ্মীসকলৰ বিষয়টো বিবেচনা কৰিবলৈ নির্দেশ দিছে। আনহাতে আবেদনকাৰীসকলক ২০১৭ চনৰ ৰীট আবেদন সন্দৰ্ভত খণ্ড বিচাৰপীঠে দিয়া ৰায় সংলগ্ন কৰি সৰ্বশিক্ষাৰ ওচৰত ব্যক্তিগতভাৱে আবেদন দাখিল কৰিবলৈও নির্দেশ দিছে। অহা দুমাহৰ ভিতৰত তেওঁলোকে সৰ্বশি...