February 3, 2025 6:26 PM February 3, 2025 6:26 PM

views 9

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা-অৰ্চনা

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি পুৱাৰে পৰা বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা-অৰ্চনা কৰা হৈছে। অৱশ্যে এইবাৰ সৰস্বতী পূজাৰ তিথি দুদিনীয়া হোৱাৰ বাবে কোনো কোনো অঞ্চলত কালি সৰস্বতী পূজা পালন কৰা হয়। অৱশ্যে ৰাজ্যৰ বেছি সংখ্যক শিক্ষানুষ্ঠানত আজি উলহ-মালহেৰে ধৰ্মীয় ৰীতি-নীতিৰে সৰস্বতী পূজা উদযাপন কৰা হৈছে। সৰস্বতী পূজা উপলক্ষে আজি ছাত্র-ছাত্রীসকলে নানাৰঙী সাজ-পোছাক পৰিধান কৰি দেৱী সৰস্বতীৰ পূজা-অৰ্চনা কৰা পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন শিক্ষানুষ্ঠান প্রতিষ্ঠান আদিত পূজা উপলক্ষে মণ্ডপসমূহ ...