November 30, 2025 8:12 PM

views 57

কেন্দ্রীয় গ্রামোন্নয়ন মন্ত্রী শিৱৰাজ সিং চৌহানে সৰস অজীৱিকা খাদ্য মহোৎসৱ ২০২৫ উদ্বোধন কৰিব

কেন্দ্রীয় গ্রামোন্নয়ন মন্ত্রী শিৱৰাজ সিং চৌহানে কাইলৈ নতুন দিল্লীত "সৰস অজীৱিকা খাদ্য মহোৎসৱ ২০২৫" উদ্বোধন কৰিব। গ্রামোন্নয়ন মন্ত্রালয়ে জনোৱা অনুসৰি সমগ্ৰ দেশৰ ২৫ খন ৰাজ্যৰ প্ৰায় ৩০০ গৰাকী লাখপতি দিদি আৰু আত্মসহায়ক গোটৰ মহিলাই এই মহোৎসৱত অংশগ্ৰহণ কৰিব। ইয়াত মুঠ ৬২ খন বিপনীত বিভিন্ন ধৰণৰ খাদ্য উপলদ্ধ হ'ব বুলিও মন্ত্রালয়ৰ পৰা প্ৰকাশ কৰিছে। অসম, অৰুণাচল প্ৰদেশ, হাৰিয়ানা, মহাৰাষ্ট্ৰ, কেৰালা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, গোৱা, গুজৰাটকে ধৰি ভিন ভিন ৰাজ্যসমূহে এই খাদ্য উৎসৱত অংশগ্ৰহণ কৰিব। দিল্লী আৰু কাষৰ...