July 13, 2026 6:21 PM

views 12

শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে আজিৰেপৰা দুমাহৰ বাবে বন্ধ ৰখা হৈছে

শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে আজিৰেপৰা দুমাহৰ বাবে বন্ধ ৰখা হৈছে। মেৰামতিৰ বাবে পুৰণি দলংখন বন্ধ ৰখাৰ পৰিপ্ৰেক্ষিতত নতুন দলঙেৰে যাতায়াত ব্যৱস্থা চলিব বুলি প্ৰকাশ কৰা হৈছে। ৰে’ল বিভাগে দলংখন মেৰামতিৰ দায়িত্ব লৈছে। উল্লেখযোগ্য যে দলংখন ১৫ ছেপ্তেম্বৰলৈ বন্ধ থাকিব বুলি কিছুদিন পূৰ্বে কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পালে সংবাদমেলত প্ৰকাশ কৰিছিল। মহানগৰ আৰক্ষীৰ যান- বাহন শাখাৰ উপ-আয়ুক্ত জয়ন্ত সাৰথি বৰাৰ সৈতে এই সংবাদমেলত আয়ুক্তগৰাকীয়ে এই কথা ঘোষণা কৰে। জিলা আয়ুক্তগৰাকীয়ে কয়, যে ৰে'ল বি...

July 12, 2026 12:15 PM

views 29

পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ বাবে সোমবাৰে পুৱা পাঁচ বজাৰ পৰা ৩১ জুলাইলৈ দলংখনেৰে সকলো ধৰণৰ যান-বাহনৰ চলাচল সম্পূর্ণৰূপে বন্ধ থাকিব

ব্ৰহ্মপুত্ৰৰ ওপৰৰ পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ বাবে কাইলৈ পুৱা পাঁচ বজাৰ পৰা ৩১ জুলাইলৈ দলংখনেৰে সকলো ধৰণৰ যান-বাহনৰ চলাচল সম্পূর্ণৰূপে বন্ধ থাকিব। গুৱাহাটীৰ যান-বাহন শাখাৰ উপ-আৰক্ষী আয়ুক্ত আৰু কামৰূপ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি নামনিৰ পৰা উজনি অসমৰ দিশলৈ অহা সকলো গধুৰ যান-বাহন বাইহাটা চাৰিআলি-কলিয়াবৰ তিনিআলি হৈ যাব লাগিব। পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈ নতুন শৰাইঘাট দলঙেৰে বাণিজ্যিক মালবাহী বাহনৰ গুৱাহাটী মহানগৰীত প্ৰৱেশ আৰু প্ৰস্থানত বাধা আৰোপ কৰা হৈছে।

July 8, 2026 1:50 PM

views 12

শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে ১৩ জুলাইৰ পৰা ১৫ ছেপ্তেম্বৰলৈ বন্ধ থাকিব

শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে ১৩ জুলাইৰ পৰা ১৫ ছেপ্তেম্বৰলৈ বন্ধ থাকিব বুলি কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পালে প্ৰকাশ কৰিছে। এই সময়ছোৱাত পুৰণি শৰাইঘাট দলঙেৰে যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। হেঙেৰাবাৰীৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি অনুষ্ঠিত এখন সংবাদমেলত কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পাল আৰু মহানগৰ আৰক্ষীৰ যান-বাহন শাখাৰ উপ-আয়ুক্ত জয়ন্ত সাৰথি বৰাই এই কথা ঘোষণা কৰে। জিলা আয়ুক্তগৰাকীয়ে কয়, যে ৰে'ল বিভাগকে ধৰি বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে আলোচনাৰ পাছত পুৰণি শৰাইঘাট দলঙৰ...

July 7, 2026 7:24 PM

views 15

শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে ১৩ জুলাইৰ পৰা দুমাহলৈ বন্ধ থাকিব

শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে ১৩ জুলাইৰ পৰা দুমাহলৈ বন্ধ থাকিব বুলি কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পালে প্ৰকাশ কৰিছে। এখন সংবাদমেলযোগে জিলা আয়ুক্তগৰাকীয়ে কয়, যে দুমাহৰ ভিতৰত দলংখনৰ মেৰামতিৰ কাম সম্পূৰ্ণ কৰা হ'ব। অহা ১৫ ছেপ্তেম্বৰত শৰাইঘাটৰ পুৰণি দলংখনেৰে পুনৰ যাতায়াত আৰম্ভ হ'ব বুলি জিলা আয়ুক্তগৰাকীয়ে লগতে জানিবলৈ দিয়ে।

July 7, 2025 7:53 PM

views 59

অহা ছেপ্তেম্বৰত শৰাইঘাটত ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন ৰে’লৰ দলং নিৰ্মাণৰ কাম আৰম্ভ

শৰাইঘাটত ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন ৰে'লৰ দলং নিৰ্মাণৰ কাম অহা ছেপ্তেম্বৰত আৰম্ভ হ'ব। দুখলপীয়া ৰে'লৰ দলংখনত দ্বৈত ৰে'লপথ আৰু তিনিটা লেনযুক্ত পথ থাকিব। ৰে'ল বিভাগে ইতিমধ্যে ইয়াৰ বাবে নিবিদা প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু এই কাম সম্পাত হোৱাৰ পাছতে দলং নিৰ্মাণৰ কাম আৰম্ভ হ'ব বুলি উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্ক ৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই এই বিষয়ে প্রকাশ কৰে। ২০২৯ চনৰ ডিচেম্বৰত এই দলংখন নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। আজ্ঞাঠুৰি আৰু কাম...

August 10, 2024 1:14 PM

views 46

মেৰামতিৰ বাবে আজি নিশা ১১ বজাৰ পৰা কাইলৈ পুৱা ৫ বজাপর্যন্ত শৰাইঘাট দলংখনৰে যাতায়াতৰ সুবিধা বন্ধ

ব্ৰহ্মপুত্ৰৰ ওপৰত থকা পুৰণি শৰাইঘাট দলংখনৰ জৰুৰীভাৱে মেৰামতি কৰাৰ বাবে আজি নিশা ১১ বজাৰ পৰা কাইলৈ পুৱা ৫ বজাপর্যন্ত দলংখনৰে যাতায়াতৰ সুবিধা বন্ধ থাকিব। এই সময়ছোৱাত নতুন দলংখনেৰেই উভয় দিশৰ পৰা যান-বাহনে অহা-যোৱা কৰিব লাগিব। উত্তৰ-পূব সীমান্ত ৰে'লৱেই আজি এখন প্ৰেছ বিজ্ঞপ্তি যোগে এই কথা প্ৰকাশ কৰিছে।