July 19, 2025 8:18 PM

views 11

শৰাইঘাটত ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন ৰে’ল তথা পথ দলং নিৰ্মাণত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

কেন্দ্ৰীয় চৰকাৰে শৰাইঘাটত ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন ৰে'ল তথা পথ দলং নিৰ্মাণত অনুমোদন জনাইছে। ১,৪৭৩ কোটি ৭৭ লাখ টকা ব্যয় সাপেক্ষে এই দলংখন আগিয়াঠুৰি-কামাখ্যা ৰেলপথৰ দ্বৈতকৰণৰ অংশ হিচাপে নিৰ্মাণ কৰা হ'ব। উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ এখন বিজ্ঞপ্তি অনুসৰি এক দশমিক ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ষ্টীল কম্পোজিট গৰ্ডৰ দলংখন নিৰ্মাণ কৰা হ'ব। দলংখনৰ তলৰ অংশত দ্বৈত ৰে'লপথ আৰু ওপৰ অংশত পদপথৰ সৈতে ৩টা লেনযুক্ত পথ থাকিব। এই দলঙখনৰ কাম সম্পূৰ্ণ হৈ উঠিলে আগিয়াঠুৰি-কামাখ্যা খণ্ডত ৰে'ল পথৰ সামৰ্থ অভূতপূর্বভাৱে বৃদ্...