June 6, 2024 8:58 PM

views 48

ISSF বিশ্বকাপ শ্বুটিং প্রতিযোগিতাত সৰৱজোট সিঙৰ সোণৰ পদক অৰ্জন

ভাৰতৰ সৰৱজোট সিঙে জাৰ্মানীৰ মিউনিখত অনুষ্ঠিত ISSF বিশ্বকাপ শ্বুটিং প্রতিযোগিতাৰ পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল শিতানত সোণৰ পদক অৰ্জন কৰিছে। খেলুৱৈগৰাকীয়ে আজি ফাইনেলত ২৪২ দশমিক ৭ পইণ্টেৰে সোণৰ পদক হস্তগত কৰে। চীনৰ শুৱে হাং বুৱে ২৪২ দশমিক ৫ পইণ্টেৰে ৰূপৰ পদক আৰু জার্মানীৰ ৰবীন ৱাল্টাৰে ২২০ পইণ্টেৰে ব্ৰঞ্জৰ পদক লাভ কৰে।