September 9, 2024 7:05 PM September 9, 2024 7:05 PM

views 5

ট্রেডিঙৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা স্বপ্ননীল দাসক ন্যায়িক জিম্মালৈ প্রেৰণ

ট্রেডিঙৰ নামত গ্ৰাহকক প্ৰৱঞ্চনা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা স্বপ্ননীল দাসক আজি কামৰূপ মহানগৰ জিলাৰ সত্ৰ আৰু ন্যায়াধীশৰ আদালতে ন্যায়িক জিম্মালৈ প্রেৰণ কৰিছে। উল্লেখযোগ্য যে ট্রেডিঙৰ নামত অবৈধ কার্যকলাপ কৰাব অভিযোগত দিছপুৰ আৰক্ষীয়ে স্বপ্ননীল দাসক গ্রেপ্তাব কৰিছিল। আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত পৰাৰ পৰিপ্ৰেক্ষিতত স্বপ্ননীলক আজি আদালতত হাজিব কৰোৱা হয়। উল্লেখযোগ্য যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ইতিমধ্যে অনলাইন ট্রেডিং গোচৰৰ তদন্তৰ দায়িত্ব অপৰাধ অনুসন্ধান শাখাক অর্পণ কৰিছে। আয়কৰ বিভাগ আৰু বিধি...