August 9, 2025 10:30 PM

views 12

বজালী সংস্কৃত পৰিষদৰ উদ্যোগত সংস্কৃত দিৱস উদযাপন

বজালী সংস্কৃত পৰিষদৰ উদ্যোগত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো বিভিন্ন কাৰ্যসূচীৰে সংস্কৃত দিৱস উদযাপন কৰা হৈছে। পাঠশালাৰ হৰিমন্দিৰ প্ৰাঙ্গনত পৰিষদৰ অধ্যক্ষ ড০ খগেন্দ্ৰ নাথ দেৱশৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত আজি গণকপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সংস্কৃত শিক্ষক ভৱেশ চন্দ্ৰ শৰ্মাক সম্বৰ্দ্ধনা জনোৱা হয়। অনুষ্ঠানত পাঠশালা বজাৰ কমিটীৰ সভাপতি গিৰিশ পাটগিৰি, কদমতলা হাইস্কুলৰ সংস্কৃত শিক্ষক ৰূপাংক ভট্টাচাৰ্য আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি অংশগ্ৰহণ কৰে। তদুপৰি, বজালী জিলাৰ অন্তৰ্গত বিদ্যালয়...