December 7, 2025 8:32 PM December 7, 2025 8:32 PM
9
গুৱাহাটী মাষ্টাৰ্ছ ২০২৫ বেডমিণ্টন প্রতিযোগিতাত সংস্কাৰ সৰস্বতৰ পুৰুষৰ ছিংগল শাখাত খিতাপ অৰ্জন
গুৱাহাটী মাষ্টাৰ্ছ ২০২৫ বেডমিণ্টন প্রতিযোগিতাত আজি সংস্কাৰ সৰস্বতে পুৰুষৰ ছিংগল শাখাত খিতাপ অৰ্জন কৰিছে। সৰস্বতে ফাইনেল খেলত প্রতিদ্বন্দ্বী মিথুন মঞ্জুনাথক ২১ ১১, ১৭-২১, ২১-১৩ গেমত পৰাস্ত কৰি খিতাপ অর্জন কৰে। আনহাতে পুৰুষৰ দ্বৈত শাখাৰ ফাইনেলত ভাৰতৰ প্ৰথৱী কৃষ্ণমূৰ্তি বয় আৰু কে ছাই প্রতীক মালয়েছিয়াৰ আৰোন টাই আৰু কাং খাই জিঙৰ হাতত ১৩-২১, ১৮-২১ গেমত পৰাস্ত হয়।