December 19, 2024 12:55 PM

views 23

অহা ২৮ ফেব্ৰুৱাৰীলৈকে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ উদ্যোগত চাঁচ অভিযান আৰম্ভ

দেশৰ পাঁচ বছৰৰ তলৰ শিশুক নিউমোনিয়া ৰোগৰ পৰা ৰক্ষা কৰাৰ লক্ষ্যৰে যোৱা ১২ নৱেম্বৰৰ পৰা অহা ২৮ ফেব্ৰুৱাৰীলৈকে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ উদ্যোগত চাঁচ (SAANS) অভিযান আৰম্ভ কৰা হৈছে। শিশুৰ দেহত নিউমোনিয়াৰ লক্ষণসমূহ প্ৰত্যক্ষ কৰিলে শিশুটিক নিকটতম স্বাস্থ্যসেৱা কেন্দ্ৰলৈ লৈ যাবলৈ স্বাস্থ্য বিভাগে আহ্বান জনাইছে। এই ৰোগৰ প্ৰতিষেধক চৰকাৰী স্বাস্থ্য কেন্দ্ৰসমূহত উপলব্ধ হৈছে।