December 1, 2025 12:42 PM

views 22

সংসদৰ শীতকালীন অধিৱেশন কেৱল এটা পৰম্পৰা নহয়, বৰং ই দেশক বিকাশৰ দিশে লৈ যোৱাৰ প্ৰচেষ্টাত ইন্ধন যোগায়: প্ৰধানমন্ত্ৰী

সংসদৰ শীতকালীন অধিবেশন আজি আৰম্ভ হৈছে। ১৯ দিন ধৰি চলিবলগীয়া এই অধিবেশনত ১৫ খন বৈঠক অনুষ্ঠিত হ'ব। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সংসদৰ সকলো সদস্যই সুস্থ গণতান্ত্ৰিক পৰম্পৰা বজাই ৰাখি আলোচনাত সক্রিয়ভাৱে অংশগ্ৰহণ কৰিব বুলি আশা প্রকাশ কৰিছে। তেওঁ লগতে সংসদৰ শীতকালীন অধিৱেশন অৰ্থৱহ আৰু ফলপ্ৰসূ হ'ব বুলি আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অধিৱেশনৰ পূৰ্বে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কয়, যে সংসদৰ শীতকালীন অধিৱেশন কেৱল এটা পৰম্পৰা নহয়, বৰং ই দেশক বিকাশৰ দিশে লৈ যোৱাৰ প্ৰচেষ্টাত ইন্ধন যোগায়। ...

December 1, 2025 10:25 AM

views 43

আজিৰে পৰা সংসদৰ শীতকালীন অধিবেশন আৰম্ভ

● সংসদৰ শীতকালীন অধিবেশন আজি আৰম্ভ হ'ব। ১৯ দিন ধৰি চলিবলগীয়া এই অধিবেশনত ১৫ খন বৈঠক অনুষ্ঠিত হ'ব। সংসদৰ শীতকালীন অধিবেশনত মুঠ ১৩ খন বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে। ইয়াৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথ সংশোধনী বিধেয়ক, পাৰমাণৱিক শক্তি বিধেয়ক, কৰ্প'ৰেট আইন সংশোধনী বিধেয়ক, বীমা আইন সংশোধনী বিধেয়ক আৰু ভাৰতৰ উচ্চ শিক্ষা আয়োগ বিধেয়ক ২০২৫ আছে। কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে লোকসভাত কেন্দ্ৰীয় শুল্ক সংশোধনী বিধেয়ক দাখিল কৰিব। তদুপৰি অধিবেশনত ২০২৫-২৬ বৰ্ষৰ বাবে প্ৰথম পৰ্যায়ৰ অনুদানৰ পৰিপূৰক ...

July 24, 2025 8:55 PM

views 29

বিৰোধী পক্ষই বিভিন্ন বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়

সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা বিৰোধী পক্ষই বিভিন্ন বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। লোকসভাৰ কামকাজ প্রথমে দিনৰ দুই বজালৈ আৰু পাছত দিনটোৰ বাবে স্থগিত ৰখা হয়৷ কাৰ্যক্ৰমণিকা প্ৰথমবাৰ বাবে স্থগিত ৰখাৰ পাছত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত বিজেপি সাংসদ নিশিকান্ত ডুবেই যোগাযোগ আৰু তথ্য প্ৰযুক্তি বিষয়ক স্থায়ী কমিটিৰ প্ৰতিবেদন দাখিল কৰে। একেদৰে বিজেপিৰ জনার্দন মিশ্রই গ্রাম্য উন্নয়ন বিষয়ক স্থায়ী কমিটিৰ প্ৰতিবেদন দাখিল কৰে। পাছত আইন আৰু ন্যায় মন্...

July 11, 2025 3:00 PM

views 32

সংসদ ভৱনত এখন দেশ এটা নির্বাচন সন্দৰ্ভত যুটীয়া সংসদীয় সমিতিৰ বৈঠক

সংসদ ভৱনত এখন দেশ এটা নির্বাচন সন্দৰ্ভত যুটীয়া সংসদীয় সমিতিৰ বৈঠক অনুষ্ঠিত হৈছে। ৩৯ জনীয়া সদস্যে গঠিত এই সমিতিখনত লোকসভাৰ ২৭ গৰাকী আৰু ১২ গৰাকী সদস্য আছে। সংবিধানৰ ১২৯ সংখ্যক সংশোধনী আইন২০২৪ আৰু স্বায়ত্ব শাসিত সংশোধনী আইন ২০২৪ ৰ ব্যপক পৰীক্ষণৰ বাবে এই বৈঠক অনুষ্ঠিত হয়। দেশত একে সময়তে লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সংসদৰ এই যুটীয়া বৈঠকে আলোচনা অনুষ্ঠিত কৰি আহিছে। বিজেপিৰ সাংসদ পি পি চৌধাৰীৰ নেতৃত্বত গঠিত পেনেলত আইন বিশেষজ্ঞৰ সহায়ত পৰামৰ্শ গ্ৰহণ কৰা হৈছে। এই বৈঠকতে উচ্চতম...

December 13, 2024 8:10 PM

views 30

সংবিধানৰ ৭৫ বছৰীয়া গৌৰৱময় যাত্ৰা সন্দৰ্ভত লোকসভাত বিশেষ আলোচনা

লোকসভাত আজি সংবিধানৰ ৭৫ বছৰীয়া গৌৰৱময় যাত্ৰা সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হয়। আলোচনাৰ পাতনি মেলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, যে ভাৰতীয় সংবিধানে সামাজিক,অর্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক জীৱনৰ সকলো দিশ স্পৰ্শ কৰি ৰাষ্ট্ৰ গঠনৰ পথ প্ৰশস্ত কৰিছে। সংবিধানখন দেশৰ সভ্যতাৰ প্ৰমূল্যৰাজিৰ অভিব্যক্তিস্বৰূপ বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে ৭৫ বছৰ পূৰ্বে সংবিধান সভাই নতুনকৈ স্বাধীনতা লাভ কৰা ভাৰতবৰ্ষৰ বাবে সংবিধান প্রণয়নৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছিল। প্ৰায় ৩ বছৰজোৰা গভীৰ চিন্তা-চ...