July 27, 2025 10:26 AM July 27, 2025 10:26 AM
8
লোকসভাত প্ৰদৰ্শন কৰা দৃষ্টান্তমূলক আচৰণৰ বাবে সাংসদ দিলীপ শইকীয়াকে ধৰি ১৭ জন সাংসদক সংসদ ৰত্ন ২০২৫ সন্মান প্ৰদান
লোকসভাত প্ৰদৰ্শন কৰা দৃষ্টান্তমূলক আচৰণৰ বাবে বিজেপিৰ ৰাজ্যিক সভাপতি তথা দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াকে ধৰি ১৭ জন সাংসদক কালি সংসদ ৰত্ন ২০২৫ সন্মান প্ৰদান কৰা হয়। এই সন্মান লাভ কৰা শইকীয়া উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী সাংসদ হিচাপে পৰিগণিত হৈছে। বঁটা লাভ কৰা আন সাংসদসকলৰ ভিতৰত বিজেপিৰ ৰবি কিষাণ, নিশিকান্ত ডুবে, ড০ মেধা বিশ্রাম কুলকার্নি, শিৱসেনাৰ অৰবিন্দ ছামন্ত, কংগ্ৰেছৰ অধ্যাপক গাইকোৱাৰ্ড বর্ষা একনাথ আৰু ডি এম কেৰ চি এন আন্নডুৰাইয়ো আছে। একেৰাহে তিনিটা কার্যকাল সংসদীয় গণতন...