July 27, 2025 10:26 AM

views 17

লোকসভাত প্ৰদৰ্শন কৰা দৃষ্টান্তমূলক আচৰণৰ বাবে সাংসদ দিলীপ শ‍ইকীয়াকে ধৰি ১৭ জন সাংসদক সংসদ ৰত্ন ২০২৫ সন্মান প্ৰদান

লোকসভাত প্ৰদৰ্শন কৰা দৃষ্টান্তমূলক আচৰণৰ বাবে বিজেপিৰ ৰাজ্যিক সভাপতি তথা দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শ‍ইকীয়াকে ধৰি ১৭ জন সাংসদক কালি সংসদ ৰত্ন ২০২৫ সন্মান প্ৰদান কৰা হয়। এই সন্মান লাভ কৰা শ‍ইকীয়া উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী সাংসদ হিচাপে পৰিগণিত হৈছে। বঁটা লাভ কৰা আন সাংসদসকলৰ ভিতৰত বিজেপিৰ ৰবি কিষাণ, নিশিকান্ত ডুবে, ড০ মেধা বিশ্রাম কুলকার্নি, শিৱসেনাৰ অৰবিন্দ ছামন্ত, কংগ্ৰেছৰ অধ্যাপক গাইকোৱাৰ্ড বর্ষা একনাথ আৰু ডি এম কেৰ চি এন আন্নডুৰাইয়ো আছে। একেৰাহে তিনিটা কার্যকাল সংসদীয় গণতন...

July 26, 2025 9:24 PM

views 20

নতুন দিল্লীত ১৭ গৰাকী সাংসদক ২০২৫ চনৰ সংসদ ৰত্ন বঁটা প্ৰদান

উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে আজি নতুন দিল্লীত ১৭ গৰাকী সাংসদক ২০২৫ চনৰ সংসদ ৰত্ন বঁটা প্ৰদান কৰা হৈছে। এই সাংসদসকলৰ ভিতৰত আছে ৰবি কিষণ, বিজেপিৰ দীনেশ শর্মা, কংগ্ৰেছৰ বৰ্ষা গাইকোৱাড, এন চি পি এছ পিৰ সুপ্রিয়া সুলে আৰু শিৱসেনা উই বি টিৰ অৰবিন্দ সাৱণ্ট। এই অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্রী কিৰেণ ৰিজিজুৱে কয়, যে এই বঁটা সাংসদসকলৰ উৎকৃষ্ট প্ৰদৰ্শনৰ স্বীকৃতি। তেওঁ লগতে বঁটা প্ৰাপ্ত সকলো সাংসদকে শুভেচ্ছা জনায়।

May 19, 2025 1:40 PM

views 17

সাংসদ দিলীপ শ‍ইকীয়াক ২০২৫ চনৰ সংসদ ৰত্ন বঁটা বাবে মনোনীত

অসম প্রদেশ বিজেপিৰ সভাপতি তথা দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শ‍ইকীয়াক ২০২৫ চনৰ সংসদ ৰত্ন বঁটা বাবে মনোনীত কৰা হৈছে। ৰাষ্ট্ৰীয় অন্যান্য পিছপৰা আয়োগৰ অধ্যক্ষ হংসবাজ গংগাৰাম অহিবৰ নেতৃত্বাধীন জুৰিৰ বোর্ডে সাংসদ শ‍ইকীয়াক এই বঁটাৰ বাবে মনোনীত কৰিছে। প্রাইম পইণ্ট ফাইণ্ডেচনে ২০১০ চনৰ পৰা সংসদ ৰত্ন বঁটা প্ৰদান কৰি আহিছে। এই বঁটা লাভ কৰা শ‍ইকীয়া হ'ল উত্তৰ- পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী সাংসদ। চলিত বৰ্ষত লোকসভা আৰু ৰাজ্যসভাৰ মুঠ ১৭ গৰাকী সাংসদে এই বঁটাৰ বাবে মনোনয়ন লাভ কৰিছে। ১৭ গৰাকী সাংসদৰ লগতে ...