December 2, 2025 9:52 PM

views 13

ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনীকে ধৰি বিভিন্ন বিষয়ত বিৰোধী পক্ষৰ প্ৰতিবাদত সংসদৰ কার্যক্রমণিকা ব্যাহত

ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনীকে ধৰি বিভিন্ন বিষয়ক লৈ বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত লোকসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰখা হয়। প্ৰথমবাৰৰ বাবে নিম্ন সদন স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত সদন পুনৰ মিলিত হোৱাৰ লগে লগে বিৰোধী পক্ষৰ সদস্যসকলে সদনৰ মজিয়ালৈ উঠি আহি তেওঁলোকৰ দাবীৰ সমৰ্থনত ধৰ্ণা দিবলৈ আৰম্ভ কৰে। সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে সদনত যিকোনো বিষয়ক লৈ আলোচনা কৰাৰ বাবে চৰকাৰ প্ৰস্তুত বুলি উল্লেখ কৰি লোকসভাৰ কামকাজ বিঘ্নিত নকৰিব...

December 2, 2025 9:38 PM

views 11

গ্রাম্য অর্থনীতিক সবল কৰি তোলাৰ উদ্দেশ্যে সমবায় খণ্ডত বিগত চাৰি বছৰত চৰকাৰৰ কেইবাটাও যুগান্তকাৰী পদক্ষেপ গ্ৰহণ

গ্রাম্য অর্থনীতিক সবল কৰি তোলাৰ উদ্দেশ্যে সমবায় খণ্ডত চৰকাৰে বিগত চাৰি বছৰত কেইবাটাও যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে। লোকসভাত আজি প্রশ্নোত্তৰ কালত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় সমবায় ৰাজ্য মন্ত্ৰী মুৰলীধৰ মহলে কয়, যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে সমবায় সমিতিসমূহক শক্তিশালী কৰাৰ উদ্দেশ্যে সমবায় মন্ত্ৰ্যালয় প্রতিষ্ঠা কৰিছে। তেওঁ কয়, যে সমগ্ৰ দেশত মুঠ ৮ লাখ সমবায় সমিতি আছে আৰু কমেও ৩০ কোটি লোক ইয়াৰ সদস্য হিচাপে সমিতিসমূহৰ সৈতে পোনপটীয়াভাৱে সংযুক্ত হৈ আছে। মন্ত্ৰী শ্ৰী মহলে কয়,...

December 1, 2025 7:03 PM

views 14

বিৰোধী পক্ষৰ হুলস্থূলীয়া প্ৰতিবাদৰ বাবে সংসদৰ শীতকালীন অধিবেশনৰ প্ৰথম দিনৰ কামকাজ স্থগিত

দেশৰ কেইবাখনো ৰাজ্যত ভোটাৰ তালিকাৰ পুংখানুপুংখ সংশোধন চমুকৈ এছ আই আৰ আৰু মণিপুৰৰ জি এছ টি বিধেয়ককে ধৰি বিভিন্ন বিষয়ৰ প্ৰতিবাদত বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থূলীয়া পৰিৱেশৰ বাবে সংসদৰ শীতকালীন অধিবেশনৰ আজি প্ৰথম দিনৰ কামকাজ স্থগিত ৰাখিবলগীয়া হয়। দিনৰ ১১ বজাত লোকসভাৰ কাৰ্যক্ৰমণিকা আৰম্ভ হোৱাৰ পাছতে অধ্যক্ষ ওম বিৰলাই সদ্যপ্রয়াত অভিনেতা ধর্মেন্দ্ৰ, অৱসৰপ্ৰাপ্ত কর্ণেল সোণাৰাম চৌধাৰী, অধ্যাপক বিজয় কুমাৰ মালহোত্ৰা আৰু ৰবি নায়কলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। ইয়াৰ পাছতে প্রশ্নোত্তৰ কাল আৰম্ভ হোৱাৰ লগ...