December 2, 2025 9:52 PM December 2, 2025 9:52 PM
3
ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনীকে ধৰি বিভিন্ন বিষয়ত বিৰোধী পক্ষৰ প্ৰতিবাদত সংসদৰ কার্যক্রমণিকা ব্যাহত
ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনীকে ধৰি বিভিন্ন বিষয়ক লৈ বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত লোকসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰখা হয়। প্ৰথমবাৰৰ বাবে নিম্ন সদন স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত সদন পুনৰ মিলিত হোৱাৰ লগে লগে বিৰোধী পক্ষৰ সদস্যসকলে সদনৰ মজিয়ালৈ উঠি আহি তেওঁলোকৰ দাবীৰ সমৰ্থনত ধৰ্ণা দিবলৈ আৰম্ভ কৰে। সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে সদনত যিকোনো বিষয়ক লৈ আলোচনা কৰাৰ বাবে চৰকাৰ প্ৰস্তুত বুলি উল্লেখ কৰি লোকসভাৰ কামকাজ বিঘ্নিত নকৰিব...