September 4, 2024 6:30 PM September 4, 2024 6:30 PM
6
ৰাজ্যত বিভিন্ন কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৬ সংখ্যক তিৰোভাৱ তিথি পালন
অসমৰ সত্ৰ আৰু নামঘৰসমূহত আজি পুৱাৰে পৰা নাম-প্ৰসংগকে ধৰি ভিন ভিন কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৬ সংখ্যক তিৰোভাৱ তিথি পালন কৰা হৈছে। এই উপলক্ষে সত্ৰনগৰী বৰপেটাত পুৱাৰে পৰা কীর্তন মহোৎসৱ অনুষ্ঠিত হৈছে। পুৱা গীত আৰু ভটিমাৰ অন্তত সত্ৰৰ মুখ্য পাঠকৰ নেতৃত্বত নৃত্য-প্ৰসঙ্গ অনুষ্ঠিত হোৱাৰ পাছতে ভাগৱত পাঠ, ঘোষা কীৰ্তন আৰু ব্যাহ কীর্তন সম্পন্ন হয়। বিয়লি বৃন্দাবন হাটীৰ ভকতসকলে কীৰ্তন মহোৎসৱ উপলক্ষে কৰভাৰ প্ৰদান কৰিছে। এই কৰভাৰত ভকতসকলে হাটীৰ প্ৰথা অনুসৰি চাউল, কাচকল, কোঁমোৰা, মিঠাতেল, পাণ-তামো...