October 3, 2025 12:54 PM October 3, 2025 12:54 PM
17
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে সত্ৰ নামঘৰত নাম প্ৰসংগ
জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে কালি পুৱাৰে পৰা ৰাজ্যৰ সত্ৰ- নামঘৰসমূহ হৰিনামৰ পৱিত্ৰ ধবনিৰে মুখৰ হৈ উঠিছে। ৰাজ্যৰ কেইবাটাও স্থানতো গুৰুজনাৰ আবিৰ্ভাব মহোৎসৱ কেইবাদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। বৰপেটা সত্ৰত আজি দ্বিতীয় দিনাও ভিন্ন কাৰ্যসূচীৰে গুৰুজনাৰ আবির্ভাব তিথি উদযাপন কৰা হৈছে। কালিৰ দিনটোতো বৰপেটা সত্ৰত দিনজোৰা কাৰ্যসূচীৰে আবির্ভাব মহোৎসৱ পালন কৰা হয়। ধেমাজি জিলাতো কালি বিভিন্ন কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হয়। মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কেঁচুখনা...