June 12, 2025 11:12 AM

views 22

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ধ্রুপদী নৃত্যশিল্পী ড০ সোনাল মানসিঙক চলিত বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান

● মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামেৰে ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ধ্রুপদী নৃত্যশিল্পী ড০ সোনাল মানসিঙক আজি প্ৰদান কৰা হ'ব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই ড০ মানসিঙক এই বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰিব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱাল উপস্থিত থাকিব। বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তনৰ জৰিয়তে অসমত আধ্যা...

April 22, 2025 10:11 AM

views 24

ৰাষ্ট্ৰপতি মুৰ্মুৱে ২৫ এপ্ৰিলত নৃত্যশিল্পী ড° সোণাল মান সিঙক ২০২৩ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰিব

● ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে অহা ২৫ এপ্রিলত পদ্মভূষণ সন্মানেৰে সন্মানিত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বৰেণ্য নৃত্যশিল্পী ড° সোণাল মান সিঙক ২০২৩ বৰ্ষৰ সন্মানীয় শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰিব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শিল্পীগৰাকীক এই বঁটা প্ৰদান কৰা হ'ব। যোৱা বছৰৰ ২১ আগষ্টত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকে ড° মানসিঙক এই বঁটা প্ৰদানৰ সিদ্ধান্ত লৈছিল। উল্লেখযোগ্য যে ১৯৮৬ চনত সাহিত্য, কলা, সংস্কৃতি, সাংবাদিকতা আদি ক্ষেত্ৰত ৰাষ্ট্ৰীয় আৰু আ...

September 9, 2024 7:03 PM

views 27

ডিম্বেশ্বৰ শ‍ইকীয়ালৈ ২০২৩ৰ শ্ৰীমন্ত শংকৰদেৱ গৱেষণা বঁটা

মাজুলীৰ শ্রী শ্রী আউনীআটী সত্ৰই প্ৰৱৰ্তন কৰা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা বঁটা, ২০২৩ৰ বাবে গোলাঘাট জিলাৰ ঢেকিয়ালৰ গৱেষক ডিম্বেশ্বৰ শ‍ইকীয়ালৈ আগবঢ়োৱা হৈছে। সত্ৰৰ সত্ৰাধিকাৰ ডº পীতাম্বৰ দেৱগোস্বামীয়ে এই বিষয়ে প্রকাশ কৰে। ঢেকীয়াল উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সংস্কৃত বিষয়ৰ শিক্ষক শ‍ইকীয়াৰ কীৰ্তনৰ সমীক্ষা শীর্ষক গৱেষণাধর্মী গ্রন্থৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে। শিক্ষকগৰাকীয়ে বৰ্তমানলৈ ৮খন গৱেষণাধর্মী গ্রন্থ ৰচনা কৰাৰ লগতে দুকুৰিৰো অধিক মননশীল প্রবন্ধ ৰচনা কৰিছে।