February 5, 2025 10:49 AM February 5, 2025 10:49 AM

views 9

যোৰহাটত কাইলৈৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন

যোৰহাটত কাইলৈৰ পৰা হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে প্ৰস্তুতি প্রায় সম্পূর্ণ হৈছে। যোৰহাট জিলাৰ ম’হবন্ধাৰ এৰালতলী পথাৰত চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই অধিৱেশনলৈ ভকত-বৈষ্ণৱসকলক আদৰাৰ বাবে আদৰণি সমিতিয়ে সকলো ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শক সাৰোগত কৰি যোৰহাট জিলা শাখাৰ আতিথ্যত বিভিন্ন দল-সংগঠন আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ সহযোগিতাত আয়োজন কৰা এই অধিৱেশনত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ ভকত-বৈষ্ণৱসকলে অংশগ্রহণ কৰি...