February 3, 2025 12:32 PM

views 21

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক যোৰহাট অধিৱেশনৰ প্ৰস্তুতি তুংগত

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক যোৰহাট অধিৱেশনলৈ মাজত মাথোঁ কেইটামান দিনহে বাকী থকা অৱস্থাত আয়োজক সমিতিৰ প্ৰস্তুতি তুংগত উঠিছে। এইবাৰৰ অধিৱেশন যোৰহাটৰ ম'হবন্ধাৰ এৰালতলী পথাৰত অহা ৬ৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ আয়োজন কৰা হৈছে। জাতি, ধৰ্ম, বর্ণ নির্বিশেষে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীসকলৰ উপৰি কাষৰীয়া জিলাসমূহৰ পৰা অহা হাজাৰ হাজাৰ ভক্তই শ্রমদান কৰি অধিৱেশন সফল কৰি তুলিবলৈ চেষ্টা চলাইছে। ১২০০ বিঘা মাটিৰে আগুৰা এৰালতলী পথাৰৰ ভূমিত সংঘৰ ভকত-বৈষ্ণৱৰ লগতে ইছলামধৰ্মী লোকসকলেও স্বেচ্ছাই শ্রমদান কৰিছে। এৰালতলী পথা...