May 29, 2025 12:56 PM

views 16

আজিৰে পৰা ১২ জুনলৈ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযানৰ আয়োজন

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ে আজিৰে পৰা ১২ জুনলৈ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযানৰ আয়োজন কৰিছে । এই অভিযানৰ উদ্দেশ্য হৈছে – দেশৰ ৭০০ খন জিলাৰ প্ৰায় ডেৰ কোটি কৃষকক কৃষি আৰু আনুষংগিক ক্ষেত্ৰসমূহৰ বিষয়ে সজাগ কৰা। অসমতো এই অভিযানত ২৬ খন জিলাৰ ৩ হাজাৰ ২৫০ খন গাঁও আৰু ৫ লাখৰো অধিক কৃষকক সামৰি লোৱাৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে এই অভিযানৰ বাবে কৃষি বিভাগ, আনুসংগিক বিভাগ আৰু কৃষি বিজ্ঞানীসকলক লৈ ৫২টা গোট গঠন কৰা হৈছে। এই কাৰ্যসূচীৰ সময়ছোৱাত খাৰিফ শস্য উৎপাদনত সহায়ক হোৱাকৈ বহনক্ষম প্ৰযুক্তিৰ বি...