September 1, 2024 7:47 PM

views 9

তিনিচুকীয়া আৰক্ষী থানাৰ উদ্যোগত নাৰী সুৰক্ষা সন্দৰ্ভত সজাগতামূলক সভা

তিনিচুকীয়া আৰক্ষী থানাৰ উদ্যোগত তিনিচুকীয়া কমাৰ্চ কলেজত আজি নাৰী সুৰক্ষা সন্দৰ্ভত এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। এই সভাত সাম্প্ৰতিক পৰিস্থিতিত নাৰীৰ নিৰাপত্তা তথা সুৰক্ষাৰ সৈতে জড়িত বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰি দিহা পৰামৰ্শ আগবঢ়োৱা হয়। অনুষ্ঠানত চাহ জনজাতি কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণ, তিনিচুকীয়া কমার্জ কলেজৰ অধ্যক্ষ চৈতন্য বৰা, তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁইকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

August 15, 2024 7:10 PM

views 21

শ্ৰম মন্ত্রী সঞ্জয় কিষাণৰ তিনিচুকীয়াত নৱজাতকৰ প্রমাণ-পত্ৰ তাৎক্ষণিকভাৱে প্ৰদান ব্যৱস্থাৰ শুভাৰম্ভ

তিনিচুকীয়া অসামৰিক চিকিৎসালয় আৰু তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় হাস্পতালত জন্ম হোৱা নৱজাতকৰ প্রমাণ-পত্ৰ তাৎক্ষণিকভাৱে প্ৰদান কৰাৰ ব্যৱস্থা আজি শ্ৰম আৰু শ্রমিক কল্যাণ মন্ত্রী সঞ্জয় কিষাণে শুভাৰম্ভ কৰে। এই অনুসৰি দুয়োখন চিকিৎসালয়ত জন্ম লাভ কৰা নৱজাতকৰ মাতৃক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়াৰ সময়তে এই প্ৰমাণ-পত্ৰ প্ৰদান কৰা হ'ব। চিকিৎসালয়খনত নৱজাতকক আধাৰ কাৰ্ড প্ৰদানৰ ব্যৱস্থাও মন্ত্ৰীগৰাকীয়ে মুকলি কৰে। এই উপলক্ষে দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে এনে অভিনৱ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে জিলা প্ৰশাসনক ধন্যব...