February 21, 2025 8:30 PM

views 21

বম্বে উচ্চ ন্যায়ালয়ত স্থায়ী ন্যায়াধীশ নিযুক্তি প্ৰস্তাৱত উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ অনুমোদন

মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে বম্বে উচ্চ ন্যায়ালয়ত অতিৰিক্ত তিনিগৰাকী ন্যায়াধীশক স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ প্ৰস্তাৱত অনুমোদন জনাইছে। কালি অনুষ্ঠিত এখন বৈঠকত কলেজিয়ামে ন্যায়াধীশ শৈলেশ প্রমোদ ব্রহ্মে, ফিদোষ ফিৰোজ পুনিৱালা আৰু জিতেন্দ্ৰ শান্তিলাল জৈনক স্থায়ী ন্যায়াধীশ হিচাপে অনুমোদন জনায়। লগতে বম্বে উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ মঞ্জুছা অজয় দেশপাণ্ডেৰ কাৰ্যকাল এবছৰ বৃদ্ধি কৰাৰ পৰামৰ্শ দিয়া হৈছে। মাদ্রাজ উচ্চ ন্যায়ালয়তো অতিৰ...

November 12, 2024 8:04 AM

views 28

নৱ নিযুক্ত মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাক আদৰণি জনোৱাৰ উদ্দেশ্যে ৰাষ্ট্ৰপতি মুৰ্মুৱে নৈশ ভোজৰ আয়োজন কৰে

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কালি নতুন দিল্লীত দেশৰ নৱ নিযুক্ত মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাক আদৰণি জনোৱাৰ উদ্দেশ্যে নৈশ ভোজৰ আয়োজন কৰে। অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং, বিদেশ মন্ত্রী ড০ এছ জয়শংকৰ, দেশৰ সদ্যবিদায়ী মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, দেশৰ উচ্চতম ন্যায়ালয়ৰ ভালেকেইগৰাকী ন্যায়াধীশ আৰু ৰাজ্যসমূহৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশকে ধৰি ভালেসংখ্যক গণ্য-মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

November 11, 2024 12:27 PM

views 19

ভাৰতৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে সঞ্জীৱ খান্নাৰ শপত গ্ৰহণ

ন্যায়াধীশ সঞ্জীৱ খান্নাই আজি ভাৰতৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত লয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত এটা বিশেষ অনুষ্ঠানত ন্যায়াধীশ খান্নাক গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। নতুন মুখ্য ন্যায়াধীশগৰাকীয়ে অহা বছৰ মে’ৰ মাজভাগলৈকে ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিব। উল্লেখযোগ্য যে শ্ৰী খান্না ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ স্থলাভিষিক্ত হৈছে। ১৯৬০ চনৰ ১৪ মে'ত জন্মগ্ৰহণ কৰা ন্যায়াধীশ সঞ্জীৱ খান্নাই ১৯৮৩ চনত দিল্লী বাৰ কাউন্সিলত অধিবক্তা হিচাপে কৰ্মজীৱন আৰ...

October 25, 2024 6:39 PM

views 33

দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব সঞ্জীৱ খান্না

ন্যায়াধীশ সঞ্জীৱ খান্না দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ'ব। আইনমন্ত্ৰী অৰ্জুনৰাম মেঘৱালে সামাজিক মাধ্যম যোগে কৈছে যে, ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুৰ্মুৱে বৰ্তমানৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ সৈতে আলাপ আলোচনাৰ অন্তত ন্যায়াধীশ খান্নাক ১১ নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিছে। ন্যায়াধীশ খান্না দেশৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হ'ব আৰু তেওঁ অহা বছৰ ১৩ মে'ত অৱসৰ গ্ৰহণ কৰিব । ন্যায়াধীশ খান্নাই ২০১৯ চনৰ ১৮ জানুৱাৰীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্...