July 13, 2024 8:43 PM

views 24

মন্ত্ৰী সঞ্জয় কিষাণৰ তিনিচুকীয়া পৌৰসভাৰ অন্তৰ্গত পুনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা ২০টাৰো অধিক পথৰ শুভ উদ্বোধন

ৰাজ্যৰ শ্রমিক কল্যান মন্ত্ৰী সঞ্জয় কিষাণে আজি তিনিচুকীয়া পৌৰসভাৰ অন্তৰ্গত পুনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা ২০ টাৰো অধিক পথৰ শুভ উদ্বোধন কৰে। উল্লেখযোগ্য যে আজি উদ্বোধন কৰা পথকেইটাৰ নিৰ্মাণৰ বাবে ২০২৩ বৰ্ষত আধাৰশিলা স্থাপন কৰা হৈছিল। ইয়াৰ লগতে অসম চৰকাৰ আৰু তিনিচুকীয়া পৌৰসভাৰ যৌথ উদ্যোগত নির্মীয়মাণ ভালেসংখ্যক বাট পথ আৰু নলা নর্দমা নিৰ্মাণ কাৰ্যৰো মন্ত্ৰীগৰাকীয়ে পৰ্যবেক্ষণ কৰে। বিগত সময়ত তিনিচুকীয়া চহৰৰ আন্তঃগাথনিমূলক বিকাশ সুনিশ্চিত কৰিবলৈ তিনিচুকীয়া পৌৰসভাৰ দ্বাৰা ভালেমান উন্নয়নমূলক প্রকল্প ...