February 12, 2025 10:46 AM

views 30

সংসদৰ কাৰ্য বিৱৰণী বড়ো ভাষাতো অনুদিত ৰূপত শুনাৰ সুবিধা প্ৰদান কৰা হ’ব

সংসদৰ কাৰ্য বিৱৰণী এতিয়াৰে পৰা বড়ো ভাষাতো অনুদিত ৰূপত শুনাৰ সুবিধা প্ৰদান কৰা হ'ব। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কালি সংসদৰ কাৰ্যক্ৰমণিকা বড়ো, মণিপুৰী, সংস্কৃত, ডোগৰী, মৈথেলী আৰু উৰ্দুলৈ ভাষান্তৰ সেৱাৰ সম্প্ৰসাৰণৰ কথা ঘোষণা কৰে। শ্ৰীবিৰলাই কয়, যে বৰ্তমান হিন্দী আৰু ইংৰাজীৰ উপৰি অসমীয়া, বাংলা, গুজৰাটী, কানাড়া, মালায়ালম, মাৰাঠী, ওড়িয়া, পাঞ্জাৱী, তামিল আৰু তেলেগু ভাষাত অনুবাদৰ ব্যৱস্থা আছে। এতিয়াৰে পৰা বড়োসহ ছটা ভাষালৈও সংসদৰ কাৰ্যক্ৰম অনুবাদ কৰা হ'ব। ইয়াৰ উপৰি মানৱ সম্পদ উপলব্ধ হ'লে অতিৰিক...