April 26, 2025 12:19 PM April 26, 2025 12:19 PM
3
শাৰীৰিক বাধাগ্ৰস্ততাকো নেওচি জীৱন যুদ্ধত জয়ী হোৱা কেইবাগৰাকীও লোকৰ কাহিনীৰে কাইলৈ আকাশবাণী গুৱাহাটীৰ ‘বিশেষ সংবাদ চলন্তিকা’
সকলোৰে বাবে জীৱনটো গোলাপৰ পাহিৰে সজোৱা বিছনাৰ দৰে নহয়। জীৱনত আহে বহু প্ৰত্যাহ্বান। ইয়াৰে কেতবোৰ প্ৰত্যাহ্বান জন্মগত আৰু আন কিছুমান আহে পৰৱৰ্তী কালত। এই প্রত্যাহ্বান নেওচিও কিদৰে সফলতাৰে জীৱন যাত্ৰাত আগুৱাব পাৰি, তাৰ কাহিনী লৈ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ সন্ধিয়া ৭ বাজি ৪৫ মিনিটত এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত দুৰাৰোগ্য বুলি ভবা ৰোগৰ বিৰুদ্ধে যুদ্ধ কৰি আৰু শাৰীৰিক বাধাগ্ৰস্ততাকো নেওচি জীৱন যুদ্ধত জয়ী হোৱা কেইবাগৰাকীও লোকক পৰিচয় কৰাই দিয়া হ'ব। এই অনুষ্ঠান...