January 2, 2025 6:33 PM

views 19

চানডুবি মহোৎসৱৰ আজি দ্বিতীয় দিনাও অগণন লোকৰ সমাগম

চানডুবিত কালিৰে পৰা জনগোষ্ঠীয় খাদ্য সম্ভাৰ, থলুৱা হস্ততাঁত বস্ত্ৰ আৰু বিভিন্ন খেল-ধেমালিৰে পঞ্চদশ চানডুবি মহোৎসৱ অনুষ্ঠিত হৈছে। অহা ৫ জানুৱাৰী পৰ্যন্ত চলিবলগীয়া মহোৎসৱৰ আজি দ্বিতীয় দিনাও অগণন লোকৰ সমাগম হৈছে। সদৌ ৰাভা ছাত্ৰ সন্থাৰ বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত আয়োজিত এই মহোৎসৱৰ জৰিয়তে চানডুবি বিলৰ সংৰক্ষণ আৰু এই অঞ্চলটো উল্লেখযোগ্য পর্যটন স্থান হিচাপে গঢ়ি তোলাৰ বাবে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। কালি ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই মহোৎসৱৰ ...