February 3, 2025 12:27 PM February 3, 2025 12:27 PM

views 10

সাঁচিপতীয়া পুথিসমূহ ডিজিটেল প্লেটফৰ্মত সংৰক্ষণৰ ব্যৱস্থা

অসমৰ সত্ৰসমূহত বা ব্যক্তিগত বাসস্থানত থকা সাঁচিপতীয়া পুথিসমূহ স্কেন কৰি পৰৱৰ্তী সময়ত প্ৰযুক্তিৰ সহায়েৰে ইউনিকোডত লিপিবদ্ধ কৰি মুক্ত উৎসৰ ডিজিটেল প্লেটফৰ্মত সংৰক্ষণ কৰা হ'ব। এই উদ্দেশ্যে কালি কলিয়াবৰত এটা উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। সাঁচিপতীয়া পুথিৰ ডিজিটাইজেচন আৰু নথিভুক্ত কৰাৰ বাবে অসমীয়া ৱিকিমিডিয়া ফাউণ্ডেচন, অসমৰ অন্তৰ্গত সৰাপাতৰ সৌৰভ প্ৰকল্পৰ অধীনত এই অনুষ্ঠান অনুষ্ঠিত হয়। ৱিকিমিডিয়া ফাউণ্ডেচনে বিশ্বৰ বিভিন্ন ভাষাৰ কেইবাশ বছৰ পুৰণি সাহিত্য নিজ নিজ ভাষাতে পাঠোদ্ধাৰ কৰি ইউনিকোডৰ জ...