April 20, 2025 11:24 AM

views 18

অসমীয়া বিয়াৰ পৰিৱৰ্তন আৰু কিছু চিন্তা-দুঃচিন্তা বিষয়ক আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ বিশেষ সংবাদ চলন্তিকা

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি সন্ধিয়া ৭ বাজি ৪৫ মিনিটত অসমীয়া বিয়াৰ পৰিৱৰ্তন আৰু কিছু চিন্তা-দুঃচিন্তা বিষয়ক এটি বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। এই অনুষ্ঠানৰ পৰিকল্পনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্ববী ৰাজীৱ লোচন বৰঠাকুৰৰ।

April 15, 2025 6:46 PM

views 11

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সংবাদ চলন্তিকাত আজি ডিমাছা, মৰাণ, মিছিং আৰু তিৱাসকলৰ বিহু পালন

অসমৰ বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীয়ে অনাদিকালৰে পৰা বিহু পালন কৰি আহিছে। বাপতিসাহোন বিহুটি ডিমাছা, মৰাণ, মিছিং আৰু তিৱা সকলেনো কেনেকৈ পালন কৰে এই বিষয়ে আজি সন্ধিয়া ৭ বাজি ৪৫ মিনিটত আকাশবাণী গুৱাহাটী সংবাদ চলন্তিকাত শুনিবলৈ পাব। আমাৰ ডিমা হাচাও, তিনিচুকীয়া, ধেমাজি আৰু মৰিগাঁও জিলাৰ সংবাদ দাতাসকলৰ প্ৰতিবেদনৰ আধাৰত এই বিশেষ সংবাদ চলন্তিকা যুগুতাইছে ৰাজীৱ লোচন বৰঠাকুৰে।

March 28, 2025 7:25 PM

views 14

অহা দেওবাৰে সন্ধিয়া আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই উজনি অসমৰ অন্যতম প্রধান নগৰ-ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানীৰূপে গঢ়ি তোলা হ'ব বুলি ঘোষণা কৰিছে। এই সম্পৰ্কত ডিব্ৰুগড়ৰ নাগৰিকসকলৰ অভিমতৰ ভিত্তিত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা দেওবাৰে সন্ধিয়া ৭ বাজি ৪৫ মিনিটত এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। আকাশবাণীৰ ডিব্ৰুগড়ৰ সংবাদদাতা যাদৱ গগৈৰ সহযোগত অনুষ্ঠানটো প্ৰযোজনা আৰু উপস্থাপন কৰিব ৰাজীৱ লোচন বৰঠাকুৰে।